Assamleatest update

শীঘ্ৰেই মটৰচালিত ৰিক্সা চালকক নাকী লগাব GMCয়ে!

পুনৰ মটৰ খুলি পেডেল মৰা ৰিক্সাৰ অনুমতি দিব গুৱাহাটী পৌৰ নিগমে।

গুৱাহাটী মহানগৰীত অবৈধভাৱে চলি আছে বহু মটৰ সংযুক্ত ৰিক্সা। অবৈধভাৱে চলা এই ৰিক্সাৰ বাবে দুৰ্ঘটনাত পতিত হৈছে বহুলোক। যাৰ বাবে মটৰসংযুক্ত ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাইছিল গুৱাহাটী পৌৰ নিগমে। জব্দ কৰিছিল প্ৰায় ১২০০ ৰিক্সাত সংযুক্ত কৰা মটৰ। ইয়াৰ পিছতে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৰিক্সাত মটৰ সংযোগ কৰা গৰাকী।

Guwahati Municipal Corporation To Ban Motorized Rickshaws In City

অৱশেষত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। ৰিক্সাত অবৈধভাৱে লগোৱা মটৰ আঁতৰোৱাত নাই কোনো বাধা। ইয়াৰ পিছতে তৎপৰ গুৱাহাটী পৌৰ নিগম। শীঘ্ৰে মহানগৰীৰ ৰাজপথত চলিব ব্যাপক অভিযান। খুলি পেলোৱা হ’ব ৰিক্সাত অবৈধভাৱে লগাই ৰখা মটৰ।

GMC, পৰিবহণ বিভাগৰ নিয়ম নামানি চলাই আছে এই ৰিক্সাসমূহ। মটৰ খুলি পেডেল মৰা ৰিক্সাৰ অনুমতি দিব গুৱাহাটী পৌৰ নিগমে। গুৰু-গোঁসাই নমনা মটৰচালিত ৰিক্সা চালকক নাকী লগাব GMCয়ে। ‘প্ৰথম খবৰ’ক এই কথা জনালে মেয়ৰ মৃগেন শৰণীয়াই।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 2 =

Back to top button