Assamassam policeHimanta Biswa SarmaInternationalnationalnorth eastঅসমদৈনিক বাতৰিপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

ৰাজ্যত অব্যাহত কালৰূপী বানৰ তাণ্ডৱ

বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহিছে বন্যজন্তু

ৰাজ্যত এতিয়াও অব্যাহত আছে কালৰূপী বানৰ তাণ্ডৱ। বিশেষ পৰিৱৰ্তন হোৱা নাই বান পৰিস্থিতিৰ। শেহতীয়াকৈ পুনৰ প্ৰৱল বৃষ্টিপাতৰ ফলত ওফন্দি পৰিছে নৈ–উপনৈসমূহ। যাৰ বাবে বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ লোৱাৰ আশংকা কৰা হৈছে। সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯খন জিলাৰ ২১ লক্ষাধিক লোক আক্ৰান্ত হৈছে। বৰ্তমানলৈকে কালৰূপী বানে প্ৰাণ কাঢ়িছে ৫২জনকৈ লোকৰ। প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫ লক্ষাধিক পশুধনৰো। ৰাজ্যৰ ৩,২০৮খন গাঁৱৰ লগতে প্ৰায় ৫৭ হাজাৰ হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে। অপৰিৱৰ্তিত ৰূপতেই আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পৱিতৰা আৰু লাওখোৱাৰ বান পৰিস্থিতি। বৰ্তমানলৈকে বানত প্ৰাণ হেৰুৱাইছে প্ৰায় ২৭টাকৈ বন্য জন্তুৱে। নিৰাপদ আশ্ৰয়ৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চললৈ ওলাই অহা বন্যজন্তুৱে সৃষ্টি কৰিছে আতংকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button