Assamhealthleatest updateSocialSocial Networkঅসমআঞ্চলিকবিজ্ঞানস্বাস্থ্য

অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু অসম বজালীৰ ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি

উক্ত অনুষ্ঠানত উপস্থিত ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যৰ আনন্দ প্ৰকাশ

অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু অসম বজালীৰ ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ হৈ সন্মানীয় উপাচাৰ্য অধ্যাপক বিৰিঞ্চি কুমাৰ দাসৰ লগতে পঞ্জীয়ক ড০ সুভাষ চন্দ্ৰ দাস আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰে সন্মানীয় উপাচাৰ্য অধ্যাপক এন চি তালুকদাৰ, প্ৰ’-উপাচাৰ্য অধ্যাপক প্ৰাণবীৰ সিঙ, অতিৰিক্ত পঞ্জীয়ক ড° আছিম বৰ্মন, কার্যবাহী সঞ্চালক গৱেষণা অধ্যাপক ধৰ্মেশ্বৰ দাসকে ধৰি অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

উক্ত অনুষ্ঠানত উপস্থিত থকা ভট্টাদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যই আনন্দ প্ৰকাশ কৰে। আনহাতে, বুজাবুজি চুক্তিত উল্লেখ কৰা দীৰ্ঘম্যাদী সহযোগিতাক লাভান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

থিক একেদৰে অসমৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই পাৰস্পৰিক লাভালাভৰ বাবে যৌথ কাৰ্যসূচী, পদক্ষেপ, প্ৰশিক্ষণৰ বিকাশৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিষ্ঠানৰ নিষ্ঠাৰ ওপৰত আলোকপাত কৰে ।

উল্লেখ্য যে, বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীৰ পিছত অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে AdtU বৌদ্ধিক বক্তৃতা শৃংখলাৰ অংশ হিচাপে “Adoption of Green & Sustainable Procedure in Chemical Analysis-Advocacy for Mastering Green Analytical Chemistry” বিষয়ত এক অন্তৰ্দৃষ্টিসম্পন্ন বক্তৃতা প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 19 =

Back to top button