AssamCity newsCMO Assampoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উন্নয়নৰ নামত কি পাইছে লক্ষীমপুৰৰ চিচিবৰগাঁওৰবাসী ৰাইজে?

এটা মথাউৰিৰ নিৰ্মাণকাৰ্যক লৈ বিৰোধীক সকিয়নী শাসকীয় দলৰ সমৰ্থক ৰাইজৰ.......

লখিমপুৰ সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী তৎপৰতা। উন্নয়নৰ প্ৰসংগত শাসক–বিৰোধীৰ মাজত নিৰ্বাচনী বাকযুদ্ধ আৰম্ভ হৈছে। এটা মথাউৰিৰ নিৰ্মাণকাৰ্যক লৈ বিৰোধীক সকিয়নী শাসকীয় দলৰ সমৰ্থক ৰাইজৰ। এই ঘটনা সংঘটিত হৈছে চিচিবৰগাঁও অঞ্চলৰ আমগুৰি পঞ্চায়তত। চিচিবৰগাওঁৰ  গাইনদীৰ মথাউৰিৰ বিজ্ঞানসন্মত নিৰ্মাণ আৰু নৱনিৰ্মিত মথাউৰিৰ কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ দাবীত গাইনদীৰ পাৰত সমবেত আমগুৰি পঞ্চায়তৰ শ শ ৰাইজে দিলে সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগু জিন্দাবাদ ধ্বনি। আমগুৰি পঞ্চায়তৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁওৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনে জনোৱা দীৰ্ঘদিনৰ দাবীৰ প্ৰতি সন্মান জনাই চৰকাৰে গাইনদীৰ মথাউৰিটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। কিন্তু একাংশ লোকে যোৱা কেইদিনৰ পৰা মথাউৰি নিৰ্মাণক লৈ বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি সমাজ এখনক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে বুলি ৰাইজে অভিযোগ তোলে। নৱনিৰ্মিত মথাউৰিটোক লৈ আমগুৰি পঞ্চায়তৰ সমূহ ৰাইজ সুখী বুলি মন্তব্য কৰি মথাউৰিক লৈ ৰাজনীতি নকৰিবলৈ সুকিয়নি প্ৰদান কৰে।

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.