AssamHimanta Biswa Sarmaleatest update

পুনৰ ৰাজ্যবাসীৰ মূৰত মাধমাৰ।এসপ্তাহত ১০০ টকা পৰ্যন্ত বাঢ়িল প্ৰতি কাৰ্টন কণীৰ দাম।

চকুমুদা কুলিৰ ভাৱত এতিয়া যোগান বিভাগ।

পুনৰ ৰাজ্যবাসীৰ মূৰত মাধমাৰ। বনভোজ, নৱবৰ্ষ তথা উৎসৱৰ অচিলাৰে অসাধু ব্যৱসায়ীয়ে বঢ়ালে কণীৰ দাম। এসপ্তাহত ১০০ টকা পৰ্যন্ত বাঢ়িল প্ৰতি কাৰ্টন কণীৰ দাম। চকুমুদা কুলিৰ ভাৱত এতিয়া যোগান বিভাগ।

পিছে হঠাৎ কিয় বৃদ্ধি হল কণীৰ দাম। বিগত ৭ দিনত প্ৰতি কাৰ্টুন কণীৰ দাম বাঢ়িল ১০০ টকাকৈ। এসপ্তাহ পূৰ্বে প্ৰতি কাৰ্টুন কণীৰ দাম আছিল ১২৮০ টকাৰ পৰা ১৩০০ টকা পৰ্যন্ত। কিন্তু বৰ্তমান কণীৰ দাম বাঢ়িল ১৪০০ টকা।

বৰ্তমান খুচুৰা বজাৰত প্ৰতি প্লেট কণীৰ দাম ২১০-২৩০ টকা। আৰ্থাৎ প্ৰতিটো কণীত বৃদ্ধি হ’ল ৩০ পইচাকৈ। খুচুৰা বজাৰত আজিৰ দিনত প্ৰতিটো কণীৰ দাম হ’ল ৭.৩০ টকা। হঠাৎ কণীৰ দাম বৃদ্ধিক লৈ সন্মুখলৈ আহিছে বহু প্ৰশ্ন। উসৎৱৰ সুবিধা লৈ চলিছে নেকি কণীৰ চিণ্ডিকেট? কণীৰ দাম বৃদ্ধিৰ ৰহস্যৰ উদঘাটন হ’বনে?

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.