অসমদৈনিক বাতৰিবিজ্ঞানবিশ্বভাৰত

ক্ৰমাৎ জোনবাইৰ কাষ চাপিছে চন্দ্ৰযান-৩, জোনবাই অভিমুখী যাত্ৰাৰ দুই তৃতীয়াংশ দূৰত্ব অতিক্ৰম কৰিলে মহাকাশ যানখনে

ক্ৰমাৎ জোনবাইৰ কাষ চাপিছে চন্দ্ৰযান-৩

ক্ৰমাৎ জোনবাইৰ কাষ চাপিছে চন্দ্ৰযান-৩। জোনবাই অভিমুখী যাত্ৰাৰ দুই তৃতীয়াংশ দূৰত্ব অতিক্ৰম কৰিলে মহাকাশ যানখনে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’য়ে জোনবাইলৈ প্ৰেৰণ কৰা তৃতীয়খন মহাকাশ যান চন্দ্ৰযান–৩এ শুকুৰবাৰে মহাকাশত ২.৬ লাখ কিলোমিটাৰ অতিক্ৰম কৰে।

ই ইছৰোৰ তৃতীয় চন্দ্ৰ অভিযানটোৰ বাবে এক মাইলৰ খুঁটিৰূপে বিবেচিত হৈছে। আজি চন্দ্ৰ অভিযানৰ আন এক জটিল পৰ্যায় আৰম্ভ হ’ব। সন্ধিয়া ৭ বজাত ইছৰোৱে চন্দ্ৰযানৰ ‘লুনাৰ অৰবিট ইনৰ্জাছন চমুকৈ LOI’ অৰ্থাৎ যানখনক জোনবাইৰ কক্ষলৈ প্ৰক্ষেপ কৰিব। ইয়াৰ বাবে মহাকাশ যানখনৰ কেমিকেল ৰকেট ইঞ্জিনটো ক্ষন্তেকৰ বাবে চলোৱা হ’ব। গতি বহাৰ লগে লগে মহাকাশযানখনে পূৰ্বৰ কক্ষপথ এৰি জোনবাইৰ কক্ষপথত প্ৰৱেশ কৰিব।

ইয়াৰ পাছত জোনবাইক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব মহাকাশ যানখনে। জোনবাইৰ দক্ষিণ মেৰুত লেণ্ডাৰ বিক্ৰমৰ মসৃণ অৱতৰণ সফল হ’লেই এনে সাফল্য লাভ কৰা বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰ আৰু জোনবাইৰ দক্ষিণ মেৰুত মহাকাশ যান অৱতৰণ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব ভাৰত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.