ৰাজ্যত ভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি! বিপদত সৰ্বসাধাৰণ জনতা….
ৰাজ্যত ভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাতো শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি! বিপদত সৰ্বসাধাৰণ জনতা....
ৰাজ্যত শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণ জনতাক। শেহতীয়া বানে বহু লোকৰ শাক-পাচলি নষ্ট কৰাৰ ফলত অভাৱনীয় হাৰত বৃদ্ধি পাইছে পাচলিৰ দাম।। যোগীঘোপাৰ কাবাইটাৰী চলন্তাপাৰা আদি দৈনিক বজাৰতো প্ৰতিবিধ শাক–পাচলিয়ে কোবাইছে চেঞ্চুৰি।
বজাৰত প্ৰতিকিলো বিলাহীৰ দাম ১৫০ টকা,। ২৫০ ৰ পৰা ৩০০ টকা প্ৰতি কিলো জলকীয়া দাম, । ভাতকেৰেলা ১০০ শ টকা, জিকা ৮০ টকাৰ পৰা ১০০, ৰঙালাও কেজি ৮০ টকা ।। মুঠৰ ওপৰত শাক–পাচলিৰ মূল্যই দিশহাৰা কৰিছে ৰাইজক। অভাৱনীয় মূল্যবৃদ্ধি সত্বেও কানসাৰ নাই চৰকাৰৰ তথা বিয়াগোম যোগান বিভাগৰ।