অসমদৈনিক বাতৰি

বঙাইগাঁৱৰ ৩ নং জামদহাত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ

বঙাইগাঁৱৰ ৩ নং জামদহাত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ

বঙাইগাঁৱৰ ৩ নং জামদহাত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ। কৃত্ৰিম বানে খহাই নিলে ৬ নং জামদহা সংযোগী মুল পথ। কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সোঁতে খহাই নিয়ে ৬ নং জামদহা সংযোগী মুল পথ। কৃত্ৰিম বানৰ কৱলত অঞ্চলটোৰ বহু পৰিয়াল।

কৃত্ৰিম বানত বিদ্যুতৰ খুটা বাগৰি পৰাত কেইবাদিনো ধৰি বিচ্ছিন্ন বিদ্যুৎ সেৱা। পথ খহি যোৱাত কলৰ ভূৰেৰে পাৰাপাৰ হ’বলগীয়া হৈছে অঞ্চলবাসী। ঠায়ে ঠায়ে পথত সৃষ্টি হৈছে একাঁঠু পৰ্যন্ত বোকা। এসপ্তাহ উকলি যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ বা জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.