অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত
বৰপেটা মেডিকেল কলেজ হাস্পতালত অঘটন, অট্টালিকাত ৰঙ কৰি থকা সময়ত পৰি আহত শ্ৰমিকজন
বৰপেটা মেডিকেল কলেজৰ প্ৰসূতি বিভাগৰ নতুনকৈ নিৰ্মাণ কৰা এটা ৫ মহলীয়া অট্টালিকাত ৰং কৰি আছিল আবু তালেব নামৰ শ্ৰমিকজনে ৷
অট্টালিকাটোত ৰঙ কৰি থকা সময়ত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা নোলোৱাৰ বাবেই শ্ৰমিকজন ওপৰৰ পৰা পৰি যোৱা বুলি সহকৰ্মীসকলে প্ৰকাশ কৰিছে ৷
ততালিকে BMCHৰ ICUত ভৰ্তি কৰে শ্ৰমিকজনক ৷
এই মুহূৰ্তলৈ ঘটনা সন্দৰ্ভত হস্পিটাল কতৃপক্ষই কোনো কথা জনোৱা নাই যদিও প্ৰত্যক্ষদৰ্শী শ্ৰমিকসকলে অট্টালিকাটোৰ পৰা পৰি যোৱা শ্ৰমিকজন থিতাতে নিহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷