অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

অসমত প্ৰৱেশ এম ভি গংগাবিলাস, অসমৰ মাটিত ভৰি থৈ আপ্লুত বিদেশী পৰ্যটক

এম ভি গংগা বিলাসৰ বিদেশী পৰ্যটকসকল উপস্থিত ধুবুৰীৰ টেৰাকোটা আশাৰীকান্ধি গাঁৱত

আজি পুৱাই এম ভি গংগা বিলাসৰ বিদেশী পৰ্যটকসকল উপস্থিত ধুবুৰীৰ টেৰাকোটা আশাৰীকান্ধি গাঁৱত। টেৰাকোটা গাঁৱত পৰ্যটকসকলক উষ্ম আদৰণী জনায়। টেৰাকোটাৰ শিল্প কৰ্ম প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰে বিদেশী পৰ্যটকসকল।

ইয়াৰ পিছতে ধুবুৰী গুৰুদ্বাৰত পৰিদৰ্শন কৰি ধুবুৰীৰ ঐতিহাসিক ভিক্টৰিয়া পাৰ্ক পৰিদৰ্শন কৰে পৰ্যটকসকলে। পৰ্যটকসকলক ধুবুৰী জিলা প্ৰশাসন তথা স্থানীয় সমাজকৰ্মী সকলে উষ্ম আদৰণী জনায়।

পিছত ধুবুৰী আন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ জাহাজ ঘাটেৰে পুনৰ নদীপথেৰে গোৱালপাৰালৈ ৰাওনা হয়। গোৱালপাৰাত শ্ৰীশ্ৰী সূৰ্যপাহাৰ পৰিদৰ্শন কৰিব পৰ্যটকসকলে। আগলৈ শুৱালকুছি, গুৱাহাটী পাণ্ডু হৈ ডিব্ৰুগড়ত ১ মাৰ্চত অন্ত পৰিব এই যাত্ৰাৰ। উল্লেখ্য যে ১৩ জানুৱাৰীত বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল গংগা বিলাসৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button