অসমআঞ্চলিকচাকৰি

গছৰ তলত বহি হুকহুকাই কান্দিছে জীতেন বৰাই। কিন্তু কিয়!

৩৪ বছৰ কাল চৰকাৰী চকিদাৰ হিচাপে বিনাবেটনে কাম কৰিও চৰকাৰী স্বীকৃতি নাপালে

জীতেন বৰাই হুকহুকাই কান্দিছে। গছৰ তলত বহি হুকহুকাই কান্দিছে জীতেন বৰাই। কিন্তু কিয়!

 

শুকুৰবাৰে অসম চৰকাৰে ২০ হাজাৰৰো অধিক নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰি জীৱন জীৱিকাৰ বাট দিলে। তেনে সময়তে মাজুলীৰ অভয়াপুৰী গাঁৱৰ এটি পৰিয়ালৰ মাজত উঠিছে কান্দোনৰ ৰোল। অভয়াপুৰীৰ জীতেন বৰা নামৰ এগৰাকী চতুর্থ বৰ্গৰ কৰ্মচাৰী ৩৪ বছৰ কাল হৰিঘাট ৰাঙলীবাহাৰ বালিকা বিদ্যালয়ত চৰকাৰী চকিদাৰ হিচাপে বিনাবেটনে কাম কৰিও চৰকাৰী স্বীকৃতি নাপালে। যাৰ ফলত মানসিকভাৱে ভাগি পৰিছে জীতেন বৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যসকল। বিদ্যালয়খনৰ নামতেই ১৯৮৮ চনত নিজৰ একমাত্র খেতি মাটি ডৰাও দান দিছিল জীতেন দাসে। আশা কৰিছিল চাকৰিটো চৰকাৰী হব। কিন্তু সেই আশা বাস্তৱিত হে ন’হল। ৩৪ বছৰে বিদ্যালয়খনৰ বাবে কৰা অশেষ কষ্ট আৰু পৰিশ্ৰমৰ ফলতো জীতেন বৰা বঞ্চিত হ’ল চৰকাৰী স্বীকৃতিৰ পৰা। জীতেন বৰাৰ এনে দুৰ্ভগীয়া অৱস্থা দেখি আৱেগিক হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষকসকল।

 

বিদ্যালয়খনৰ বাবে পৰিশ্ৰম কৰিব লগা হোৱাৰ বাবেই খেতি-পথাৰ, অন্য কাম কৰিও পৰিয়াল পোহপালৰ চিন্তা নকৰাৰ বাবে চিৰজীৱন দুখীয়াহৈ সময় অতিবাহিত কৰি আজিৰ তাৰিখত চৰকাৰৰ পৰা এয়াই স্বীকৃতি পালো বুলি হুকহুকাই কান্দি উঠিল জীতেন বৰাই৷

জীতেন বৰাৰ জীয়ৰীৰ প্ৰশ্ন কাৰ ভুলৰ বাবে প্রাপ্যৰ পৰা বঞ্চিত হ’ল জীতেন বৰা। পৰিয়ালটোৰ লগত হোৱা অন্যায়, অবিচাৰৰ উচিত তদন্ত লাগে বুলি মুখ্যমন্ত্রীলৈ পৰিয়ালটিৰ কাতৰ অনুৰোধ পৰিয়ালৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button