Government Schemeঅসমভাৰত

পুনৰ অৱহেলিত অসম! জনজাতিকৰণৰ তালিকাত অন্তৰ্ভূক্ত নহ’ল অসমৰ এটাও জনগোষ্ঠী

জনজাতিকৰণক লৈ মোদী কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

জনজাতিকৰণক লৈ মোদী কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণক লৈ গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভাৰতৰ ১২টা জনগোষ্ঠীক জনজাতিকৰণৰ অনুমোদন জনায় কেবিনেটত। ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ অনুমোদন জনায় মোদী কেবিনেটে।

 

কিন্তু, জনজাতিকৰণৰ তালিকাত অন্তৰ্ভূক্ত নহ’ল অসমৰ এটাও জনগোষ্ঠী। কেবিনেট বৈঠকৰ পিছতেই সংবাদমেল যোগে ঘোষণা এই কথা ঘোষণা কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই। লগতে তেওঁ কয় যে, “বছৰ বছৰ ধৰি বিচাৰাধীন হৈ থকা ৫ খন ৰাজ্যত জনজাতীয় সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”

 

তথ্য অনুসৰি, তামিলনাডু ৰাজ্যৰ ‘নাৰিকোৰাৱনৰ লগতে কুৰিবিক্কাৰন’ সম্প্ৰদায়কো অন্তৰ্ভুক্ত কৰাৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনায় কেবিনেটে।
কৰ্ণাটকৰ ‘বেটা-কুৰুবা’ সম্প্ৰদায়ক জনজাতীয় মৰ্যাদা প্ৰদান কৰে।
ছত্তীশগড়ৰ বিনঝিয়াকে ধৰি ১২টা সম্প্ৰদায়ক জনজাতীয় মৰ্যাদা প্ৰদান কৰে

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.