চিকিৎসাদৈনিক বাতৰিপ্ৰযুক্তিবিজ্ঞানবিশ্বস্বাস্থ্য

কৰ্কট ৰোগীৰ বাবে সুখবৰ, এতিয়া আৰু ল’ব নালাগে কেমোথেৰাপী অথবা ৰেডিয়েছন! ঔষধেৰে সম্পুৰ্ণৰূপে নিৰ্মূল হ’ব কৰ্কট ৰোগ..

এনে এক ঔষধ পৰীক্ষণ কৰা হৈছে যিয়ে প্ৰতিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে

কৰ্কট ৰোগীৰ বাবে সুখবৰ!

পৃথিৱীৰ বাবেই এক ডাঙৰ ভাবুকিস্বৰূপ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চিকিৎসা বিজ্ঞানেও প্ৰতিদিনে ন ন চিন্তাৰ উদ্ভৱ কৰি আছে। তাৰ মাজতে এনে এক ঔষধ পৰীক্ষণ কৰা হৈছে যিয়ে প্ৰতিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে।

মলদ্বাৰত হোৱা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঔষধ এটাৰ প্ৰাৰম্ভিক পৰীক্ষণত অন্তৰ্ভুক্ত কৰা ১৮ জন প্ৰায় ছয় মাহৰ বাবে ডষ্টাৰলিমাব (Dostarlimab) নামৰ ঔষধ গ্ৰহণ কৰিছিল আৰু অৱশেষত, তেওঁলোকৰ প্ৰত্যেকৰে টিউমাৰ নাইকিয়া হোৱা দেখিবলৈ পোৱা গৈছিল। ইতিহাসত প্ৰথমবাৰলৈ ঘটিল এই ঘটনা।

কৰ্কট ৰোগ বিশেষজ্ঞসকলে কৈছে যে, চিকিৎসা আশাব্যঞ্জক যেন লাগিছে। কিন্তু ই অধিক ৰোগীৰ বাবে কাম কৰিবনে নাই আৰু কৰ্কট ৰোগ প্ৰতিহত কৰাত সঁচাকৈ সহায়ক হবনে নাই সেই কথা পৰবৰ্তী পৰীক্ষণতহে জানিব পৰা যাব।

উল্লেখ্য যে, এতিয়ালৈকে ৰোগীসকলকে তেওঁলোকৰ কৰ্কট ৰোগ নিৰ্মূল কৰিবলৈ পূৰ্বৰ চিকিৎসাত কেমোথেৰাপী, ৰেডিয়েছন আৰু অস্ত্ৰোপচাৰৰ সন্মুখীন হ’ব লগা হৈছে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.