অসমঅসম আৰক্ষীগুৱাহাটীচিকিৎসাছিংগাপুৰদিল্লীদুৰ্ঘটনাবলিউডভাৰতশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ বিয়োগত শিল্পী সমাজৰ গভীৰ শোক প্ৰকাশ

প্ৰতিগৰাকী শিল্পীয়ে চকুলো বোৱাইছে জুবিনক হেৰুৱাই

জুবিন কেৱল এটি নাম নহয়।  প্ৰতিগৰাকী জুবিন প্ৰেমীৰ বাবে জুবিন এটি সত্বা, জুবিন মানেই এখন পাৰহীন মৰমৰ সাগৰ। পাহাৰত জন্মি সাগৰত বিলীন হʼল তেওঁ। মৃত্যুৱেও যেন প্ৰমাণ কৰি দেখুৱালে জুবিন মানেই প্ৰকৃতি। প্ৰকৃতিৰ মাজত থাকি ভাল পোৱা মানুহজন প্ৰকৃতিৰ মাজতেই বিলীন হৈ গʼল।

প্ৰতিগৰাকী শিল্পীৰ বাবে আছিল জুবিন গাৰ্গ আদৰ্শ। জুবিনৰ গান শুনি গীত গাবলৈ শিকিছিল প্ৰতিগৰাকী  শিল্পীয়ে। শিল্পী সমাজৰ মতে, “জুবিন অতুলনীয়, কোনোৱে কেতিয়াও জুবিনৰ স্থান লʼব নোৱাৰে।” জুবিনৰ গীতৰ ছাঁত জিৰাইছিল প্ৰতিজন সংগীত শিল্পীয়ে। জুবিন অবিহনে আধৰুৱা হৈ পৰিল অসমৰ শিল্পী সমাজ। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা জুবিন গাৰ্গৰ বিষাদভৰা খবৰটো পাই স্থিৰে থাকিব পৰা নাই অসমৰ শিল্পী সমাজ । কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ অশ্ৰু নিগৰাইছে সকলোৱে। নাটক-ভাওনাকে আদি কৰি সকলো অনুষ্ঠান বাতিল কৰিছে শিল্পী সকলে।

তাঞ্জেনিয়াৰ শিল্পী কিলি পʼলে গভীৰ শোক প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাই। ৰিল যোগে জুবিন গাৰ্গৰ গীতত ভিডিঅ’ বনাই সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে শিল্পী গৰাকীয়ে। বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী আৰমান মালিক হৈ পৰিছে শোকাকুল। শিল্পী গৰাকীয়ে কয়, “অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছিংগাপুৰত দূৰ্ঘটনাত মৃত্যুৰ খবৰত আমি মৰ্মাহত। তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। এই মহান শিল্পী গৰাকীৰ মৃত্যু সমগ্ৰ ভাৰতবাসীৰ বাবে এক অপূৰণীয় ক্ষতি হ’ল। অসম তথা অসমীয়াৰ বাবে মাত মাতি যোৱা তথা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত অতি জনপ্ৰিয় এইগৰাকী মহান শিল্পীৰ মৃত্যুত তেওঁৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনালো।“

https://www.instagram.com/reel/DOyXMCeDEQ_/?igsh=MWd3dTZycXVhdGpkcQ==

একপ্ৰকাৰে শোকত ম্ৰিয়মান সকলো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button