অসমদুৰ্ঘটনা

বাঘজানৰ ঘটনা সংঘটিত হ’বলৈ গৈ আছে নেকি দুলীয়াজানত? ভয়াৱহ গতিত নিৰ্গত হৈছে খাৰুৱা তেল

দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৪৩৫ নম্বৰ তৈলখাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

দুলীয়াজানত ভয়াৱহ গতিত খাৰুৱা তেলৰ নিৰ্গমন। দুলীয়াজানৰ ১৬ নম্বৰ তিনিআলিত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৪৩৫ নম্বৰ তৈলখাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

দুষ্ট চক্ৰই তৈলখাদৰ এক্সমাচটিৰ কিছু অংশ কাটি নিয়াৰ ফলতেই ঘটনাটো সংঘটিত হৈছে। যাৰ ফলত এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বৃহত্তৰ অঞ্চলটোত সিচৰিত হৈ পৰিছে খাৰুৱা তেল।

ঘটনাস্থলীত মোতায়ন কৰা হৈছে অইলৰ নিৰাপত্তা বিভাগৰ লোক । ইতিমধ্যে অইল ইণ্ডিয়া কৰ্তৃপক্ষই তেল আৰু গেছ নিৰ্গমন বন্ধ কৰিবলৈ সক্ষম হৈছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.