অসমজীৱনশৈলীদৈনিক বাতৰিভাৰতমনোৰঞ্জন

ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোকে চেৰ পেলাই সৌন্দৰ্যৰ মুকুট পিন্ধিলে অসমৰ দুই সন্তানৰ মাতৃয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত স্থান দখলেৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰ্ণালি গগৈয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত স্থান দখলেৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰ্ণালি গগৈয়ে।
দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ীৰ মুকুত লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰাণৰ বতামৰাৰ নিৱাসী বৰ্ণালি গগৈয়ে।

দিল্লীৰ অকশ্বৰা থিয়েটাৰত ১৮ এপ্ৰিলত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ মুকুত পিন্ধিলে মৰাণৰ বৰ্ণালি গগৈয়ে।
এই সৌন্দৰ্য্য প্ৰতিযোগিতাত বাংলাদেশ, হাৰিয়ানা, দাৰ্জিলিং আদি ঠাইৰ প্ৰায় ৪০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। সকলো প্ৰতিযোগীক চেৰ পেলাই দুই সন্তানৰ মাতৃ বৰ্ণালি গগৈৰ শিৰত জিলিকিল বিজয়ীৰ মুকুত।

বৰ্ণালিৰ সফলতাত আনন্দিত হৈছে ৰাজ্যৰ লগতে মৰাণৰ ৰাইজ। ইয়াৰ পুৰ্বেও বৰ্ণালি গগৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখল কৰিবলৈ সক্ষম হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.