বিতৰ্কত শ্বাহৰুখ খান, দোৱা কৰি লতাজীৰ নশ্বৰ দেহ সঁচাকৈয়ে থুৱাইছিল নেকি শ্বাহৰুখে!
নিজৰ মেনেজাৰ পূজা দাদলানীৰ সৈতে লতাজীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে। পুষ্পাঞ্জলি অৰ্পণ কৰি দোৱা জনাই মাত্ৰ কেইচেকেণ্ডমান মুহূৰ্তৰ বাবে নিজৰ মাস্ক আঁতৰাই লতাজীৰ নশ্বৰ দেহলৈ চাই থুৱালে শ্বাহৰুখে!
দেশবাসীৰ হৃদয় উকা কৰি দেওবাৰে পৃথিৱীৰ পৰা মেলানি মাগিলে সুৰৰ সৰস্বতী লতা মংগেশকাৰে। হঠাতে অহা খবৰটোৱে দেশবাসীক শোকস্তব্ধ কৰি তুলিলে। মৃত্যুৰ খবৰ পাই লতাজীক শেষবাৰৰ বাবে এবাৰ চাবলৈ ঢাপলি মেলিলে। মুম্বাইৰ শিৱাজী পাৰ্কত লতাজীৰ শেষ যাত্ৰাৰ সাক্ষী হৈ ৰ’ল লাখ লাখ গুণমুগ্ধ। কোনোৱে যদি পুষ্পাঞ্জলি অৰ্পণ কৰিলে, কোনোৱে আকৌ লতাজীৰ বাবে জনালে প্ৰণাম।
দেওবাৰে বিয়লি সুৰৰ সম্ৰাজ্ঞীৰ শেষযাত্ৰাত অংশ ল’বলৈ আহিল বলিউড বাদশ্বাহ শ্বাহৰুখ খান। নিজৰ মেনেজাৰ পূজা দাদলানীৰ সৈতে লতাজীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেতাগৰাকীয়ে। পুষ্পাঞ্জলি অৰ্পণ কৰি দোৱা জনাই মাত্ৰ কেইচেকেণ্ডমান মুহূৰ্তৰ বাবে নিজৰ মাস্ক আঁতৰাই লতাজীৰ নশ্বৰ দেহলৈ চাই থুৱালে শ্বাহৰুখে!
And Sir look what @iamsrk is doing.Spitting on the body of our beloved wrapped in Indian tricolour. pic.twitter.com/HseH0vGe23
— Atul Mhatre (@AtulMhatre13) February 7, 2022
শ্বাহৰুখ খানৰ এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুহূৰ্ততে হৈ পৰিল ভাইৰেল। সকলোৱে শ্বাহৰুখ খানক সমালোচনাৰে থকা-সৰকা কৰিলে। সঁচায়ে কোকিলকণ্ঠী লতা মংগেশকাৰৰ শৱত থুৱাইছিল নে শ্বাহৰুখে? বহুতৰ মনত উদয় হ’ল এই প্ৰশ্নৰ। আচলতে সকলোৱে ভবাৰ দৰে থু পেলোৱা নাছিল অভিনেতাগৰাকীয়ে। আচলতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় ৰীতি-নীতিমতে দোৱা কৰাৰ পাছত বতাহত ফুৱাব লাগে, ইয়াৰ জৰিয়তে যাৰ বাবে দোৱা জনোৱা হয় তেখেতৰ শান্তিৰ কামনা কৰা হয়।
যদিও বহু অনুৰাগীয়ে অভিনেতাগৰাকীক বিতৰ্কৰ মাজলৈ টানি আনিছে, তথাপি বহুতেই অৱশ্যে অভিনেতাগৰাকীৰ সপক্ষত মাত মাতিছে।
Shah Rukh Khan reading a dua and blowing on Lata ji’s mortal remains for protection and blessings in the next life. Cannot comprehend the level of bitterness of those saying he is spitting. pic.twitter.com/JkCTcesl86
— Samina ✨ (@SRKsSamina_) February 6, 2022
https://twitter.com/ashokepandit/status/1490365500412416000


