জীৱনশৈলীস্বাস্থ্য

নিশা দেৰিলৈকে ম’বাইল ফোন ব্যৱহাৰ কৰে যদি জীৱনত নাপাব এই সুখ…

নিশা শোৱাপাটীলৈ যোৱাৰ সময়ত ম'বাইল ফোন ব্যৱহাৰ কৰিলে শৰীৰত পৰে গুৰুতৰ প্ৰভাৱ।

ম’বাইল ফোনটো নহ’লে যেন আধৰুৱা জীৱন! কামৰ মাজে-মাজে অথবা কোনো কামত ব্যস্ত নাথাকিলেও বাৰে-বাৰে ফোনটো চোৱাৰ অভ্যাস বহুতৰে আছে। কিয়নো অকণমানি স্মাৰ্টফোনটোত আমি যি বিচাৰি পাও সেয়া আমি কেতিয়াবা বাস্তৱ জীৱনটো নাপাও। আমি বিশ্বৰ ভিন্ন প্ৰান্তৰ খবৰ লোৱাৰ পৰা আৰম্ভ কৰি নাচ-গান উপভোগ কৰা, দূৰণিত থকা বন্ধু, পৰিয়ালবৰ্গৰ সৈতে দুআষাৰ পাতি মন পাতল কৰো এই স্মাৰ্ট ফোনৰ জৰিয়তে।

কিন্তু এই ফোনটোৱেই কেতিয়াবা হৈ পৰিব আপোনাৰ বাবে কাল। নিশা শোৱাপাটীলৈ যোৱাৰ সময়ত ম’বাইল ফোন ব্যৱহাৰ কৰিলে শৰীৰত পৰে গুৰুতৰ প্ৰভাৱ। চিকিৎসকৰ মন্তব্য অনুসৰি ম’বাইল ফোন ব্যৱহাৰে পুৰুষৰ শুক্ৰাণুত যথেষ্ট প্ৰভাৱ পেলায়।

ম’বাইল ফোনৰ পৰা ওলোৱা ৰেডিয়েচনে স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটায়। পৰীক্ষাত ওলাইছে যে, আবেলি আৰু নিশা ডিজিটেল আহিলা ব্যৱহাৰ কৰিলে পুৰুষৰ শুক্ৰাণুৰ গুণগত মান হ্ৰাস পায়।

স্মাৰ্ট ফোনৰ ৰেডিয়েচনে পুৰুষৰ স্বাস্থ্যৱান শুক্ৰাণু ধ্বংস কৰাৰ লগতে উৰ্বৰতা হ্ৰাস কৰে। সেয়েহ নিশা শোৱাৰ পূৰ্বে ম’বাইল ফোন ব্যৱহাৰ কৰাটো উচিত নহয় বুলি ব্যক্ত কৰিছে চিকিৎসা বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + 12 =

Back to top button