দুৰ্ঘটনামহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা: মৃত্যুক সাবটিলে মেডিকেল কলেজৰ ৭জন ছাত্ৰই

মৃত্যুমুখত পৰা ৭জন ছাত্ৰ আছিল Sawangi Medical collegeৰ ছাত্ৰ। গভীৰ নিশা ভ্ৰমণৰ বাবে ওলাই গৈছিল আটাইকেইজন।

মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ৭জন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ। সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ চেলচুৰাত সংঘটিত হয় এই দুৰ্ঘটনা। দলঙৰ ওপৰৰ পৰা বাগৰি খাৱৈত পৰিল এখন জাইল’ বাহন। নিহত ছাত্ৰকেইজনৰ ভিতৰত আছে বিজেপি বিধায়ক বিজয় ৰহাংদালেৰ পুত্ৰ।

মৃত্যুমুখত পৰা ৭জন ছাত্ৰ আছিল Sawangi Medical collegeৰ ছাত্ৰ। গভীৰ নিশা ভ্ৰমণৰ বাবে ওলাই গৈছিল আটাইকেইজন। বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙৰ ৰেলিঙত খুন্দা মাৰি ৪০ ফুট তলৰ খাৱৈত পৰেগৈ বাহনখন। দেওবাৰে পুৱা ১.৩০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

মহাৰাষ্ট্ৰত ভয়ংকৰ পথ দুৰ্ঘটনা: মৃত্যুক সাবটিলে মেডিকেল কলেজৰ ৭জন ছাত্ৰই

বাহনত থকা ৭জন ছাত্ৰ থিতাতে নিহত হয়। ঘটনাৰ লগত আন কোনো বাহন জড়িত নাই বুলি উল্লেখ কৰে আৰক্ষীয়ে।
ঘটনাৰ পিছতে শোক প্ৰকাশ কৰি নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে।

https://twitter.com/PMOIndia/status/1485827978374545412

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button