অসমজীৱনশৈলীদৈনিক বাতৰি

এই মৃত্যু দুৰ্জেয়!

স্বাধীনতা সংগ্ৰামত অসমত জ্বলি উঠিছিল বৃটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আত্মবলীদানৰ কৰুণ গাঁথা সামৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজ চিপাহীৰ গুলী বুকু পাতি লৈ ১৩ গৰাকীকৈ বীৰ বীৰংগনাই দেশৰ বাবে জীৱন আহুতি দিছিল।

৪২ৰ ২০ছেপ্তেম্বৰৰ সেই দিনটোত মহাত্মা গান্ধীৰ আহ্বানত সমগ্ৰ দেশ ব্যাপী ভাৰত ত্যাগ আন্দোলনৰ যি দামামা বাজিছিল তাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই “তৰিম নাইবা মৰিম” মন্ত্ৰ আওৰাই অসম বাসীও এই সংগ্ৰামত৷ ৪২ৰ ২০ছেপ্তেম্বৰত ঢেকীয়াজুলিৰ ১৩ গৰাকী ছহীদৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ মুঠ ২৯গৰাকী ছহীদ হ’ল৷ নিঃসন্দেহে এয়া আছিল দেশ প্ৰেম তথা ত্যাগৰ সৰ্বোত্তম নিদৰ্শন৷

অসমত পুৰুষৰ দৰেই মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল।

বৃটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ কেইগৰাকীমান মহিলা স্বাধীনতা সংগ্ৰামীৰ বিষয়ে কিছু কথা তলত উল্লেখ কৰা হ’ল-

কনকলতা বৰুৱা, গহপুৰঃ– ‘মৃত্যু বাহিনী’ৰ এগৰাকী সক্ৰিয় সদস্যা আছিল কনকলতা বৰুৱা। কনকলতা ২০ ছেপ্তেম্বৰ ১৯৪২ চনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি বৃটিছৰ গুলীত গুলীবিদ্ধ হৈ মৃত্যুক সাবটি লৈছিল। সমদলৰ নেতৃত্ব দিয়া কনকলতা বৰুৱাৰ মৃত্যুৰ সময়ত বয়স আছিল মাথোঁ ১৮ বছৰ।
তিলেশ্বৰী বৰুৱা, ঢেকিয়াজুলিঃ- ঢেকিয়াজুলিত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি মৃত্যুক সাৱটি লৈছিল তিলেশ্বৰী বৰুৱাই। ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলকাৰীৰ উদ্দেশ্যে পুলিচে গুলীচালনা কৰাত গুলীবিদ্ধ হৈ থিতাতে মৃত্যুমুখত পৰিছিল তিলেশ্বৰী বৰুৱা।

ৰেৱতী লাহন, টিয়কঃ- স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী সেনানী ৰেৱতী লাহনে ১৯৪২ চনৰ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিবলগীয়া হয় আৰু এই সময়ছোৱাতেই নিউম’নিয়া ৰোগত আক্ৰান্ত হৈ কাৰাবাস অন্ত পৰাৰ কিছুদিনৰ পাছতেই মৃত্যুমুখত পৰে।

খহুলী দেৱী, ঢেকিয়াজুলিঃ- ঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ খহুলী দেৱীয়ে মৃত্যুক সাবটি লয়। মৃত্যুৰ সময়ত খহুলী দেৱী আছিল সন্তানসম্ভৱা।

কুমলী দেৱী, ঢেকিয়াজুলিঃ- তিলেশ্বৰী বৰুৱা আৰু খহুলী দেৱীৰ সৈতে মৃত্যুবৰণ কৰা অইন এগৰাকী সাহসী মহিলা আছিল কুমলী দেৱীঢেকিয়াজুলি পুলিচ ফায়াৰিঙত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰিছিল কুমলী দেৱীয়ে।

পদুমী গগৈ, ঢেকিয়াজুলিঃ- ঢেকিয়াজুলিৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰা পদুমী গগৈ পুলিচৰ লাঠী চালনাত আঘাতপ্ৰাপ্ত হৈছিল। পাছত তেখেতক গ্ৰেপ্তাৰ কৰি ছমাহৰ কাৰাবাসৰ হুকুম দিয়া হৈছিল। কিন্তু লাঠীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ কাৰাবাসৰ অন্ত পৰাৰ পাছতে মৃত্যুবৰণ কৰে


গোলাপী চুতিয়ানী, ঢেকিয়াজুলিঃ- ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ সমদলত অংশগ্ৰহণ কৰিছিল ঢেকিয়াজুলিৰ গোলাপী চুতিয়ানীয়ে। পুলিচে বাধা কৰা লাঠী চালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল গোলাপী চুতিয়ানী। পাছত এই আঘাতৰ ফলতে তেখেতৰ মৃত্যু ঘটে।

ইয়াৰ লগতে আন বহুতো বীৰ বিৰাংগনাই স্বাধীনতাৰ  বাবে জীৱন উছৰ্গা কৰিছিল। সেইসকল শ্বহীদলৈ আজিৰ এই বিশেষ দিনত জনাইছোঁ শত-সহস্ৰ শ্ৰদ্ধাঞ্জলি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twenty =

Back to top button