ভাৰতৰাজনৈতিক

আজি পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে শপতগ্ৰহণ ল’ব

চন্নী হ’ল পাঞ্জাৱৰ প্ৰথমগৰাকী দলিত মুখ্যমন্ত্ৰী

আজি পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে শপতগ্ৰহণ ল’ব।

আজি দিনৰ ১১ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত ল’ব চন্নীয়ে। অমৰিন্দৰ সিঙৰ পদত্যাগৰ পাছতে ২৪ ঘণ্টাৰ ভিতৰতে নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হয়। পাঞ্জাৱৰ প্ৰভাৰী  হৰিশ ৰাৱটে টুইটযোগে ঘোষণা কৰিছিল চন্নীৰ নাম।

চন্নী ৰামদাশিয়া শিখ সম্প্ৰদায়ৰ নাগৰিক। চন্নী হ’ল ৰাজ্যখনৰ প্ৰথমগৰাকী দলিত মুখ্যমন্ত্ৰী। বৰ্তমানলৈকে ৩বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছে চন্নী। ২০০৭ চনত নিৰ্দলীয় ৰূপে বিধায়ক হৈছিল চন্নী। কংগ্ৰেছ দলৰ পৰাও দুবাৰকৈ বিধায়ক হৈছে তেওঁ। ২০১৫-১৬ চনলৈকে পাঞ্জাৱ বিধানসভাৰ বিৰোধী দলৰ নেতা আছিল চন্নী।

উপ-মুখ্যমন্ত্রী হ’ব সুখজিন্দৰ ৰান্ধবা আৰু ব্রহ্ম মহিন্দ্রা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + six =

Back to top button