অসমআঞ্চলিক

আজি মুকলি হ’ব আৰ্যনগৰৰ উৰণীয়া সেঁতু!

সেঁতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি মুকলি হ’ব আৰ্যনগৰৰ উৰণীয়া সেঁতু। দুৰ্গা পূজাৰ এদিন পূৰ্বেই গুৱাহাটীবাসীলৈ নতুন উপহাৰ ৰাজ্যচৰকাৰৰ। সেঁতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৪৯ কোটি ৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে সেঁতুখন, দুই লেনযুক্ত উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য প্ৰায় ৭৯০ মিটাৰ। সেঁতুখনৰ দুয়োকাষে অংকন কলা-সংস্কৃতিৰ ছবি, স্বাধীনতা সংগ্ৰামীৰ ছবি অংকন সেঁতুখনত। মুকলিৰ পূৰ্বে আটক ধুনীয়াকৈ সজাই তোলা হৈছে সেঁতুখন।

২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল সেঁতুখন নিৰ্মাণৰ কাম। সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০২৩ চনৰ ১৭ আগষ্ট। কিন্তু এটা বছৰ পূৰ্বেই সম্পূৰ্ণ হ’ল সেঁতুখনৰ নিৰ্মাণ কাৰ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.