অসমআঞ্চলিক

”বিহুৰ দৰে পূজাতো কোনেও তুলিব নোৱাৰিব চান্দা”- মুখ্যমন্ত্ৰী শৰ্মা

'পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়।'

বিহুৰ দৰে পূজাতো কোনেও তুলিব নোৱাৰিব চান্দা

‘পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়।’

চান্দা তোলাৰ বিৰোধিতা কৰি অহা ৰাজ্য চৰকাৰে বিহুৰ সময়ৰ দৰে দুৰ্গা পূজাৰ সময়তো চান্দা তোলা কাৰ্যৰ পৰা বিৰত থকাৰ অনুৰোধ জনাইছে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক পোষ্টযোগে এই অনুৰোধ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ফেচবুক পোষ্টত উল্লেখ কৰিছে যে – ”এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণ পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়। সকলোৰে সহযোগিতাৰে এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।”

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.