অসমখেলভাৰত

IPLত ৰিয়ান পৰাগৰ চমক!

অসম সন্তান ৰিয়ান পৰাগৰ দৃষ্টি নন্দন বেটিঙেৰে RCBক পৰাস্ত কৰি IPLৰ পইণ্ট তালিকাত শীৰ্ষস্থানত উপনীত হ’ল ৰাজস্থান ৰয়েলছ

অসম সন্তান ৰিয়ান পৰাগৰ দৃষ্টি নন্দন বেটিঙেৰে RCBক পৰাস্ত কৰি IPLৰ পইণ্ট তালিকাত শীৰ্ষস্থানত উপনীত হ’ল ৰাজস্থান ৰয়েলছ।

মঙলবাৰে ৰাজস্থান ৰয়েলছৰ ৪টা উইকেট হেৰুওৱাৰ পাছত ক্ৰিজলৈ অহা ৰিয়ান পৰাগে দলক সংকটৰ পৰা উদ্ধাৰ কৰাই নহয়, আকৰ্ষণীয় বেটিঙেৰে ৰয়েলছক সন্মানজনক স্ক’ৰত উপনীত কৰাবলৈ সক্ষম হয়। ৰিয়ান পৰাগে মাত্ৰ ৩১টা বলত মাৰমুখী বেটিঙেৰে ৪টা অ’ভাৰ বাউণ্ডেৰী আৰু ৩টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰানৰ ইনিংছটো সজায়।

অসম সন্তানগৰাকীৰ প্ৰদৰ্শনৰ ভিত্তিতে ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত ৮টা উইকেইট হেৰুৱাই ১৪৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত RCBয়ে আটাইকেইটা উইকেট হেৰুৱাই ১১৫ ৰানহে কৰিবলৈ সংক্ষম হয়। কেৱল বেটিঙতে নহয়, ফিল্ডিঙতো উজলি উঠে ৰিয়ান পৰাগ। ৩টাকৈ গুৰুত্বপূৰ্ণ কেচ ধৰি একপ্ৰকাৰ মেচৰ গতি সলনি কৰি দিয়ে ৰিয়ান পৰাগে।

দৰ্শনীয় প্ৰদৰ্শনৰ ভিত্তিতে ৰিয়ানে লাভ কৰে মেন অব দ্য মেচৰ সন্মান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.