Socialপৰিৱেশভাৰত

প্ৰধানমন্ত্ৰীৰ Man Vs Wild অনুষ্ঠানৰ বাবে কটা হৈছিল ১০,০০০জোপা গছ…

২০১৯ চনত উৰিষ্যাত নৰেন্দ্ৰ মোদীৰ আগমনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কটা হৈছিল ১০০০ জোপা গছ

২০১৯ চনত সম্প্ৰচাৰিত হোৱা Discovery চেনেলৰ Man Vs Wild অনুষ্ঠানত দেখা গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। Man Vs Wildৰ লগত সংগতি ৰাখি কৰবেট টাইগাৰ ৰিজাৰ্ভত হোৱা টাইগাৰ চাফাৰীৰ বাবে কৰ্তন কৰা হৈছিল কেইবা শতাধিক গছ।

২০১৯ চনত উত্তৰাখণ্ড চৰকাৰে ৰাজ্যখনৰ প্ৰথম বাঘ চাফাৰীৰ বাবে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা অনুমোদন বিচাৰিছিল, যিয়ে দৰ্শনাৰ্থীসকলক উত্তৰাখণ্ডত থকা বাঘৰ আভাস দিব বুলি আশাবাদী আছিল উত্তৰাখণ্ড চৰকাৰ।

প্ৰধানমন্ত্ৰীৰ Man Vs Wild অনুষ্ঠানৰ বাবে কটা হৈছিল ১০,০০০জোপা গছ...

ইয়াৰ দাখিলত ৰাজ্যখনে এই প্ৰজেক্টৰ বাবে ১৬৩ জোপা গছ কাটিব বুলি উল্লেখ কৰিছিল।

প্ৰধানমন্ত্ৰীৰ Man Vs Wild অনুষ্ঠানৰ বাবে কটা হৈছিল ১০,০০০জোপা গছ...

এই পাখড়ো চাফাৰীৰ বাবে সেউজ সংকেত প্ৰদান কৰাৰ পৰৱৰ্তী সময়ত আৰম্ভ হৈছিল প্ৰজেক্টৰ কাম। অৱশ্যে চলিত বৰ্ষৰ ২৬ আগষ্টত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰু পৰিৱেশ প্ৰেমী গৌৰৱ বানছালে NTCAত গোচৰ তৰি জংঘল চাফাৰীৰ বাবে ১০,০০০ জোপা গছ কটাৰ দাবী কৰিছে।

প্ৰধানমন্ত্ৰীৰ Man Vs Wild অনুষ্ঠানৰ বাবে কটা হৈছিল ১০,০০০জোপা গছ...

তেওঁ কয় যে, কৰবেটৰ পাখড়ো ব্লকত ১০৬ হেক্টৰ ভূমিত কমেও ১০,০০০ জোপা গছ কটা হৈছিল। ১৬৩ বুলি ভুৱা তথ্যহে দিছিল চৰকাৰে।

এই ঘটনাৰ সমান্তৰালভাৱে ২০১৯ চনত উৰিষ্যাত নৰেন্দ্ৰ মোদীৰ আগমনৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কটা হৈছিল ১০০০ জোপা গছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button