Government Schemeঅসমস্বাস্থ্য

ধোঁৱাচাঙত ৰাজ্যৰ একাংশ স্বাস্থ্য কেন্দ্ৰ

বিগত দহ বছৰ পূৰ্বে আৰম্ভ হোৱা নিৰ্মাণৰ কাৰ্য আজি পৰ্য্যন্ত সম্পূৰ্ণ নহ'ল

ধোঁৱাচাঙত ৰাজ্যৰ একাংশ স্বাস্থ্য কেন্দ্ৰ।

বিগত দহ বছৰ পূৰ্বে নিৰ্মাণৰ কাম আৰম্ভ হৈ আজি পৰ্য্যন্ত সম্পূৰ্ণ নহ’ল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাট স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ কাম।

জানিব পৰা মতে,  ৩০ খন বিছনাযুক্ত উক্ত স্বাস্থ্য কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ বাবদ চৰকাৰে প্ৰায় ১ কোটি টকা আবন্টন দিয়ে যদিও ঠিকাদাৰৰ মইমতালিত কামটো সম্পূৰ্ণ নোহোৱাত তৎকালীন চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে হাজিৰহাট অঞ্চলৰ হেজাৰ হেজাৰ লোক। অনতিপলমে উক্ত কামৰ তদন্ত ক্ৰমে হাজিৰহাট অঞ্চলত এখন উন্নত স্বাস্থ্য কেন্দ্ৰ মুকলি কৰি দি ৰাইজক চিকিৎসাৰ সুব্যৱস্থা কৰি দিয়াৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.