অপৰাধভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

কাশ্মীৰৰ পুলুৱামাত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ

জন আৰক্ষী বিষয়াসহ নিহত তিনিজন

কাশ্মীৰৰ পুলুৱামাত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ। এজন আৰক্ষী বিষয়াসহ নিহত তিনিজন৷

দক্ষিণ কাশ্মীৰৰ পুলুৱামাৰ অৱন্তীপুৰত দেওবাৰে নিশা সন্ত্ৰাসবাদীৰ এটা দলে ফৈয়াজ আহমেদ নাদৰ কাশ্মীৰ আৰক্ষীৰ সদ্য প্ৰাক্তন বিষয়াজনক নিজ বাসগৃহত গুলীয়াই হত্যা কৰে৷ এই আক্ৰমণত আহমেদৰ পত্নী আৰু জীয়ৰী গুৰুত্বৰভাৱে আহত হয় আৰু চিকিৎসাধিন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে৷

উল্লেখ্য যে, ছহিদ আৰক্ষী বিষয়াজনৰ পুত্ৰ ভাৰতীয় সেনাৰ কাশ্মীৰ ৰেঞ্জত কৰ্মৰত হৈ আছে৷ ইতিমধ্যে আৰক্ষী-নিৰাপত্তা বাহিনীয়ে অৱন্তীপুৰ এলেকাটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ সন্ধানত মাৰাথন তালাচী চলাইছে৷

মনকৰিবলগীয়া যে, যোৱা সপ্তাহত সন্ত্ৰাসবাদীৰ এইয়া দ্বিতীয়টো আক্ৰমণৰ ঘটনা৷ ইয়াৰ পূৰ্বে পাৰভেজ আহমেদ নামৰ আৰক্ষী বিষয়া এজনকো মছজিত নামাজ পঢ়ি গৃহাভিমুখী হোৱাৰ পথত গুলীয়াই হত্যা কৰিছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − two =

Back to top button