দিল্লীভাৰত

৭০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে হ্ৰাস পালে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা

বিগত ৭০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে হ্ৰাস পাইছে ৰাজধানী চহৰ দিল্লীৰ তাপমাত্ৰা৷ শেহতীয়াভাৱে প্ৰবল বৰষুণ হোৱাৰ ফলতে চহৰখনত তাপমাত্ৰা সৰ্বাধিক সৰ্বনিম্ন ১৬.৮ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বাধিক ২৩.৮ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়৷ এই হ্ৰাস পোৱা তাপমাত্ৰাই ভংগ কৰে বিগত প্ৰায় ৭০ বছৰৰ তাপমাত্ৰাৰ অভিলেখ৷

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, চহৰখনত ১৯৮২ চনৰ ১৩ মে’ত সৰ্বাধিক তাপমাত্ৰা ২৪.৮ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল ৷ কিন্তু ১৯৫১ চনৰ পৰা সেই অভিলেখ ভংগ হোৱা নাছিল ৷ বিগত কেইদিনমান ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা ২৮.৮ ডিগ্ৰী চেলচিয়াচলৈ হ্ৰাস পাইছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 5 =

Back to top button