অপৰাধঅসম

লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন, জাল নোট, আৰু নিছা জাতীয় দ্ৰৱ্যসহ ড্ৰাগছ মাফিয়া

গোৱালপাৰা জিলা আৰক্ষীৰ এক প্ৰসংশনীয় আৰু  সফল অভিযান । গোৱালপাৰা জিলাৰ লক্ষীপুৰত বৃহৎ পৰিমাণৰ হিৰোইন, জাল নোট, আৰু নিছা জাতীয় দ্ৰৱ্যসহ এজন  ড্ৰাগছ মাফিয়া আটক কৰা হৈছে।

আটক হোৱা ড্ৰাগছ মাফিয়া জনৰ নাম জহিৰুল ইছলাম বুলি জানিব পৰা গৈছে। নিশা সাত মান বজাত  গোৱালপাৰাৰ ডিএছপি ৰূপজ্যোতি কলিতাৰ নেতৃত্বত লক্ষীপুৰ থানা আৰু জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ৰমে তিলক ৰায় আৰু মালাকাৰ  সহ এটি আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি চলাইছিল এই অভিযান।

অভিযানত ৰাজ মিটাৰ জহিৰুল ইছলাম নামৰ এই লোক জনৰ ঘৰত এই বৃহৎ পৰিমাণৰ হিৰোইন, জাল নোট, আৰু  নিছা জাতীয় দ্ৰৱ্য খিনি উদ্ধাৰ কৰাৰ লগতে জহিৰুল ইছলামকো আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে এই দ্ৰাগছ মাফিয়া  চক্ৰটোৰ বিৰুদ্ধে তদন্ত তথা অভিযান অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.