AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিপৰ্যটনভাৰতৰাজনৈতিক

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ RSS প্ৰধান ডাঃ মোহন ভাগৱত, মাজুলীত সত্ৰাধিকাৰ-সন্ত সন্মিলনত অংশ ল’ব RSS প্ৰধানগৰাকীয়ে…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ RSS প্ৰধান ডাঃ মোহন ভাগৱত

মাজুলীত সত্ৰাধিকাৰ-সন্ত সন্মিলনত ল’ব অংশ

RSS প্ৰধানক আদৰিবলৈ সাজু মাজুলী

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ আহি আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত। অহা ২৭ ডিচেম্বৰত অসমত পদাৰ্পণ কৰি ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়াকৈ মাজুলীত কেবাটাও কাৰ্যসূচীত সৰসংঘচালক গৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ অহা ২৭ ডিচেম্বৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰি পোনে পোনে মাজুলীত উপস্হিত হ’ব।  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিছে। উল্লেখ্য, ২৮ ডিচেম্বৰৰ পুৱা সৰসংঘচালক গৰাকীয়ে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত সমগ্ৰ অসমৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰু সকলৰ এক সন্মিলনত অংশগ্ৰহণ কৰিব ৷ উক্ত সন্মিলনৰ বাবে ইতিমধ্যে সমগ্ৰ অসমৰ সকলো সত্ৰাধিকাৰ, সন্ত আৰু বিভিন্ন পন্থৰ ধৰ্মগুৰু সকলক নিমন্ত্ৰণ কৰা হৈছে ৷ সিদিনাই আবেলিৰ ভাগত সৰসংঘচালক গৰাকীয়ে এক শাৰিৰীক কাৰ্যক্ৰমত অংশ লৈ মাজুলীৰ কেবাখনো সত্ৰ দৰ্শন কৰিব ৷ ২৯ ডিচেম্বৰৰ পুৱা পুনৰায় ডা:মোহন ভাগৱতে মাজুলীৰ আন কেবাখনো সত্ৰ দৰ্শন কৰাৰ পিছত আবেলি গড়মুৰ সত্ৰৰ মিনি ষ্টেডিয়ামত এক বিশাল ৰাজহুৱা সভাত অংশগ্ৰহন কৰিব ৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে পোন প্ৰথমবাৰৰ বাবে সত্ৰনগৰী মাজুলী দৰ্শন কৰিব ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিয়া অনুসৰি সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ লগতে বিভিন্ন স্হানৰ সত্ৰাধিকাৰ, সন্ত আৰু ধৰ্মগুৰু সকলৰ মাজুলী আগমনক লৈ সকলো প্ৰকাৰৰ কাম-কাজ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.