কেৱল আৰক্ষীৰ সোপাধিলা কামৰ বাবেই মুকলি আকাশৰ তললৈ শিশু নিৰ্যাতনৰ মূল দুই অভিযুক্ত
সকলো প্ৰমাণ থকাৰ পিছতো কেনেকৈ পালে আইনৰ সুৰুঙা

মনোৰোগ বিশেষজ্ঞ ডাক্তৰ সংগীতা দত্ত। তোলনীয়া শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সংগীতা দত্ত। সংগীতা দত্তৰ লগতে গ্ৰেপ্তাৰ হৈছিল তেওঁৰ স্বামী ৱালিউল ইছলাম। ২০২৩ বৰ্ষত গ্ৰেপ্তাৰ হৈছিল দুই বিতৰ্কিত চিকিৎসক দম্পতী। কিন্তু আৰক্ষীৰ ভুলৰ বাবেই মুকলি আকাশৰ তললৈ সংগীতা দত্ত, ৱালিউল ইছলাম।
শিশু নিৰ্যাতনৰ অভিযুক্ত সংগীতা দত্তৰ জামিনকলৈ উঠিছে প্ৰশ্ন। তোলনীয়া শিশুক নিৰ্যাতনৰ অভিযোগত জেলৰ আলহী হৈ আছিল সংগীতা। কিন্তু আৰক্ষীৰ ভুলৰ বাবেই জামিন পালে সংগীতা দত্তই। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছিল চিকিৎসক দম্পতী সংগীতা আৰু ৱালিউল। ৱালিউলৰ পিছতেই জামিন পালে সংগীতাই। উচ্চ ন্যায়ালয়ে জামিন দিলে বিতৰ্কিত সংগীতা দত্তক। ৪০০ পৃষ্ঠাৰ অভিযোগনামা দিছিল পল্টন বজাৰ আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ অভিযোগনামাত কি তথ্য আছিল দুই চিকিৎসকৰ বিৰুদ্ধে ? কণমাণি দুটিক হত্যাৰ উদ্দেশ্যে শাস্তি বিহা হৈছিল বুলি চাৰ্জশ্বীটত উল্লেখ আছে। শিশুক মৰিবৰ বাবে প্ৰখৰ ৰ’দত ছাদত বান্ধি ৰাখিছিল সংগীতা আৰু ৱালিউলে। চাৰ্জশ্বীটত উল্লেখ আছে যে কন্যা শিশুটিক প্ৰহাৰ কৰিছিল ৱালিউলে। এনে বিস্ফোৰকৰ অভিযোগনামা থকাৰ পিছতো কেনেকৈ জামিন পালে সংগীতাই?
বৰ্তমান উচ্চ ন্যায়ালয়ে বান্ধি দিছে কেতবোৰ নিয়ম। ‘ভিছা, পাছপ’ৰ্ট, আধাৰ, পানকাৰ্ড ন্যায়ালয়ত জমা দিব লাগিব সংগীতা দত্তই। অসমৰ বাহিৰলৈ যাবলৈ হ’লে ন্যায়ালয়ৰ অনুমতি ল’ব লাগিব। সাক্ষী-বাদীক কোনো ধৰণৰ ভয় ভাবুকি দিব নোৱাৰিব। তাৰোপৰি ভুক্তভোগী শিশু দুটিক লগ কৰিব নোৱাৰিব।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। স্পৰ্শকাতৰ এটা বিষয়কলৈ কিয় আৰক্ষীৰ এনে ল’ৰা-ধেমালি?
সকলো প্ৰমাণ থকাৰ পিছতো কেনেকৈ আইনৰ সুৰুঙা পালে? কেৱল আৰু কেৱল আৰক্ষীৰ সোপাধিলা কামৰ বাবেই আজি মুকলি আকাশৰ তললৈ শিশু নিৰ্যাতনৰ মূল দুই অভিযুক্ত।

