অসমগুৱাহাটীপৰিৱেশবতৰ

মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা! লগতে বাঢ়িব শীতৰ প্ৰকোপ…

বৃহস্পতিবাৰে সৰ্বনিম্ন ১১ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব তাপমাত্ৰা

বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা। গুৱাহাটী মহানগৰীতো বাঢ়িব শীতৰ প্ৰকোপ। বৃহস্পতিবাৰে সৰ্বনিম্ন ১১ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব তাপমাত্ৰা। কেৱল গুৱাহাটী মহানগৰীয়েই নহয়, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা।

আজিৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ হোৱা দেখা গৈছে। কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি শুকুৰবাৰৰ পৰা বতৰ কিছু ফৰকাল হ’ব। দেওবাৰলৈ গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.