অসমউৎসৱদৈনিক বাতৰিসংস্কৃতি

ভোগালীৰ ৰং বিমান বন্দৰতো

ৰাজ্যবাসীৰ লগতে বিমান বন্দৰতো ভোগালীৰ ৰং ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত বাঁহ আৰু নৰাৰে আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ

আকৌ আহিল অসমীয়া বাপুতি সাহোন ভোগালী বিহু। ৰাজ্যবাসীৰ লগতে বিমান বন্দৰতো ভোগালীৰ ৰং ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ ভিতৰত আগমন আৰু প্ৰস্থান কক্ষত বাঁহ আৰু নৰাৰে আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ। মেজিঘৰত কৃত্ৰিমভাবে জ্বলি থকা একুৰা জুই দেখুৱা গৈছে।

মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বান বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে। তাৰোপৰি দেখুওৱা হৈছে ভোগালীৰ বিশেষ আকৰ্ষণ পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.