Covid-19ভাৰতস্বাস্থ্য

ভেকচিন নল’লে বন্ধ হ’ব মোবাইল ছীমকাৰ্ড

ভেকচিন নল'লে বন্ধ হ'ব মোবাইল ছীমকাৰ্ড

ভেকচিন নল’লে বন্ধ কৰিব ছীমকাৰ্ড৷ এই অদ্ভুত সিদ্ধান্ত চুবুৰীয়া দেশ পাকিস্তানৰ এখন প্ৰাদেশিক চৰকাৰৰ স্থানীয় প্ৰশাসনৰ৷ পাঞ্জাৱ প্ৰদেশৰ প্ৰশাসনে লোৱা সিদ্ধান্ত অনুসৰি প্ৰদেশখনৰ কোনো নাগৰিকে কৰ’ণা ভেকচিন নল’লে সাময়িকভাৱে বন্ধ কৰা হ’ব ম’বাইল ছীম৷

লাহোৰত স্বাস্থ্যমন্ত্ৰী য়াছমিন ৰছিদৰে হোৱা মাৰাথন বৈঠকৰ পিছত নাগৰিক সকলক ভেকচিন ল’বলৈ বাধ্য কৰাবৰ বাবেই প্ৰাদেশিক চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰে৷

উল্লেখ্য যে,পঞ্জাৱ প্ৰদেশৰ অধিকাংশ লোকেই গ্ৰহণ কৰা নাই ভেকচিন৷ আনহাতে প্ৰদেশত কৰ’ণাৰ আক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে৷ এনে প্ৰেক্ষাপটত প্ৰশাসনে জনতাক ভেকচিনৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এই ধৰণৰ নিৰ্দেশনা দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button