অসমজীৱনশৈলীভাৰতমনোৰঞ্জন

পৰম্পৰাগত অসমীয়া সাজেৰে Lakme Fashion Weekত সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে

পূৰ্বেও কেইবাগৰাকী বলীউডৰ অভিনেত্ৰীয়েও সংযুক্তা দত্তৰ হৈ খোজ দিছে ৰেম্পত

Lakme Fashion Weekত সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে।

অসমৰ পৰম্পৰাগত সাজ মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত দেশ তথা ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ শ্ব’ ষ্ট’পাৰ হিচাপে খোজ দিলে দিব্যা খোচলা কুমাৰে।

১০ অক্টোবৰ দেওবাৰে মুম্বাইৰ Jio Gardenত অনুষ্ঠিত হোৱা FDCI X Lakme Fashion Weekত তেখেতৰ নতুন সংগ্ৰহ ‘Chiki-Miki’ প্ৰদৰ্শন কৰে।

বহু আগশাৰীৰ মডেলে তেওঁ ডিজাইন কৰা বস্ত্ৰ পৰিধান কৰাৰ উপৰিও বলিউদ সুন্দৰী দিব্যা খোচলা কুমাৰক সংযুক্তাৰ নতুন সংগ্ৰহৰ পৰিধানেৰে ৰেম্পত অতি মোহনীয়া আৰু আকৰ্ষনীয় ৰূপত শ্ব’ ষ্ট’পাৰ (Show Stopper) হিচাপে খোজ দিয়া দেখা যায়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কেইবাগৰাকী বলীউডৰ অভিনেত্ৰীয়েও সংযুক্তা দত্তৰ হৈ খোজ দিছে ৰেম্পত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.