অপৰাধঅসম

মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো অব্যাহত আছে কলা কয়লাৰ কালা বাণিজ্য

মেঘালয়ৰ কয়লা অসমৰ কাকত দেখুৱাই বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ কয়লা ৰপ্তানীৰ কালা বাণিজ্য অব্যাহত আছে

কয়লা চিন্ডিকেটৰ অবৈধ বাণিজ্যৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নিৰ পিছতো ৰহস্যজনক ভাবে অব্যাহত আছে মেঘালয়ৰ পৰা কলা কয়লাৰ কালা বাণিজ্য।

মেঘালয়ৰ কয়লা অসমৰ কাকত দেখুৱাই বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ কয়লা ৰপ্তানীৰ কালা বাণিজ্য অব্যাহত আছে।

উল্লেখ্য,  যোৱা ৩০ এপ্ৰিলত ৰাজ্যৰ স্বৰাষ্ট্ৰ বিভাগৰ নিৰ্দেশত অবৈধ কয়লা বাণিজ্য বন্ধ কৰাৰ বাবে বৰাক উপত্যকাৰ তিনিখন জিলাৰ প্ৰশাসনিক শীৰ্ষ বিষয়া সকলোৱে সাৰপ্ৰাইজ স্কোয়াড টিম গঠন কৰে। ইয়াৰ উদ্দেশ্য আছিল বৰাক উপত্যকাৰ মাজেদি অবৈধ কয়লা বাণিজ্য বন্ধ কৰা। স্বৰাষ্ট্ৰ বিভাগৰ নিৰ্দেশত এই কমিটিত ডিটিও, ডিএফও সেইল টেক্স কাষ্টম আৰু ম্যাজিস্ট্ৰেট লৈ গঠিত এই টিমৰ মূখ্য কাম হৈছে অবৈধ কয়লা বাণিজ্য বন্ধ কৰা।

কিন্তু এই স্কোয়াড টিম গঠন কৰি দিয়াৰ পিছতো ৰহস্যজনক ভাবে আজিও অবৈধ কয়লা বাণিজ্য অব্যাহত আছে। কৰিমগঞ্জ জিলাৰ পৃথক পৃথক স্থানতে আৰক্ষী আৰু এমবিআই দলে দুইখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.