অপৰাধঅসমঅসম আৰক্ষী

পুনৰ এনকাউণ্টাৰ: ধৰ্ষণকাৰী ৰজনীকান্ত দৈমাৰীলৈ অসম আৰক্ষীৰ গুলীচালনা

মৰিগাঁৱৰ তিনিগৰাকী নাবালক ছোৱালীক ধৰ্ষণ কৰা পঞ্চাশ বছৰীয়া ৰজনীকান্ত দৈমাৰীয়ে বুধবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ গুলিত আহত হয়

মৰিগাঁৱৰ জেঙ্গোৰবৰী গাঁৱৰ তিনিগৰাকী নাবালক ছোৱালীক ধৰ্ষণ কৰা পঞ্চাশ বছৰীয়া ৰজনীকান্ত দৈমাৰীয়ে বুধবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীৰ সংঘৰ্ষত আহত হয়।

আৰক্ষী বিষয়াসকলে কয় যে যেতিয়া অভিযুক্তজনক তদন্তৰ বাবে অপৰাধস্থলীলৈ লৈ যোৱা হৈছিল, তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল তেনেতে এজন আৰক্ষী বিষয়াই তেওঁক গুলীয়াব লগা পৰিস্থিতি হয়।

বুধবাৰে, ৰজনীকান্ত দৈমাৰীয়ে তেওঁৰ ঘৰত ৬-৭ বছৰ বয়সৰ তিনিগৰাকী নাবালক ছোৱালীক ধৰ্ষণ কৰিছিল আৰু বৰ্তমান তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অপৰাধটো সংঘটিত কৰি ৰজনীকান্ত ঘৰৰ পৰা পলাই যদিও কালি আমটোলা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ৰজনীকান্ত দৈমাৰীৰ বিৰুদ্ধে তিনিগৰাকী নাবালকৰ পৰিয়ালৰ সদস্যৰ অভিযোগৰ পিছত লাহোৰীঘাট আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পস্কো) আইনৰ ধাৰা ৩৭৬ এবি আৰু আৰ/ডব্লিউ ধাৰা ৬ ৰ অধীনত গোচৰটো পঞ্জীয়ন কৰে।

আৰক্ষীৰ মতে, দৈমাৰীয়ে নাবালকসকলক প্ৰলোভিত কৰি, তেওঁলোকক তেওঁৰ ঘৰলৈ লৈ আহিছিল আৰু তাৰপিছত ধৰ্ষণ কৰিছিল।

বৰ্তমান, ৰজনীকান্ত দৈমাৰী গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.