অসম

জিঅ’ ইনফ’কমে মুকলি কৰিছে নতুন ‘চাবচি কেবল চিষ্টেমছ’

জিঅ’ ইনফ’কমে মুকলি কৰিছে নতুন চাবচি কেবল চিষ্টেমছ।

দেশৰ অগ্ৰণী উদ্যোগিক প্ৰতিষ্ঠান জিঅ’ ইনফকম লিমিটেডে দুটাকৈ নতুন কেবল চিষ্টেমছ ডাটা আৰম্ভ কৰে৷ ইতিমধ্যে ডিজিটেল খণ্ডত 4G আৰু ম’বাইল বৰ্ডবেণ্ডৰ জৰিয়তে আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত ক্ষিপ্ৰতাৰে প্ৰভাৱ বিস্তাৰ কৰিছে জিঅ’ৱে৷

শেহতীয়াকৈ জিঅ’ ইনফকমে ইণ্ডিয়া এছিয়া এক্সপ্ৰেছ চিষ্টেমছেৰে সংযোগ কৰিবলৈ ওলাইছে চিংগাপুৰ৷ আনহাতে ইণ্ডিয়া ইউৰোপ এক্সপ্ৰেছৰে মধ্য প্ৰাচ্য আৰু ইউৰোপীয়ান দেশসমূহৰ সৈতে নতুন ডাটা বিপ্লৱৰ সুচনা কৰিছে জিঅ’ৱে৷ এই নতুন চিষ্টেমৰ জৰিয়তে ইণ্ডিয়া এতিয়া বিশ্বৰ বিভিন্ন দেশৰ ডাটা হাবলৈ ৰূপান্তৰিত হৈছে৷

জিঅ’ৰ নতুন নতুন আকৰ্ষণীয় পদক্ষেপ আন্ত:ৰাষ্ট্ৰীয় বজাৰত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.