Education

UGCয়ে ঘোষণা কৰিলে নতুন গাইডলাইনছ, ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিয়া হ’ব নামভৰ্তিৰ মাচুল

অফলাইন, অনলাইন মাধ্যমতেই বাহাল থাকিব পাঠদান প্ৰক্ৰিয়া

চূড়ান্ত বৰ্ষ আৰু অন্তিম ষাণ্মাসিকৰ পৰীক্ষা সন্দৰ্ভত UGCয়ে ঘোষণা কৰিলে নতুন গাইডলাইনছ। ৩১ আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব চূড়ান্ত বৰ্ষ আৰু অন্তিম ষাণ্মাসিকৰ পৰীক্ষা। অইনলাইন, অফলাইন যিকোনো মাধ্যমৰ জৰিয়তে ক’ভিড গাইডলাইনছ মানি চলি অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা।

হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছতে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহক ডিগ্ৰীৰ নামভৰ্তিৰ কাম-কাজ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে UGCয়ে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি CBSE, CISCE আৰু SEBAই ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। কলেজ আৰু বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয়ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়া অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমত অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলি ঘোষণা কৰে UGCয়ে।
উল্লেখযোগ্য যে, নতুন ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। অফলাইন, অনলাইন মাধ্যমতেই বাহাল থাকিব পাঠদান প্ৰক্ৰিয়া।

UGCয়ে  গাইডলাইনছযোগে ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ পইছা উভতাই দিবলৈ শৈক্ষিক প্ৰতিষ্ঠানসমূহক নিৰ্দেশ দিছে। লকডাউনৰ সময়ত পৰিয়ালসমূহে সন্মুখীন হোৱা আৰ্থিক সংকটৰ সময়ত কিছু সকাহ দিয়াৰ বাবেই ২০২১-২২ শিক্ষাবৰ্ষৰ মাচুল ৰেহাইৰ দিয়াৰ কথা ঘোষণা কৰিছে UGCয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 12 =

Back to top button