আন্তঃৰাষ্ট্ৰীয়আমেৰিকাস্বাস্থ্য

প্ৰায় ২০ বছৰৰ পাছত আমেৰিকাত ধৰা পৰিছে বিৰল Monkeypox ৰোগ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে MonkeyPox

আপোনালোকে Monkeypox ৰোগৰ বিষয়ে শুনিছেনে? পোহৰলৈ আহিছে MonkeyPox ৰোগৰ ঘটনা। চিকিৎসা বিজ্ঞানত অতি বিৰল এই MonkeyPox ধৰা পৰিছে টেক্সাছত।  ৰাজ্যখনত ধৰা পৰা এই ঘটনা হৈছে চহৰখনৰ ভিতৰত প্ৰথমটো ঘটনা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে MonkeyPox। লোকজনে কিছুদিন পূৰ্বে নাইজেৰিয়াৰ পৰা আমেৰিকালৈ ভ্ৰমণ কৰিছিল আৰু বৰ্তমান ডালাছৰ এখন হাস্পতালত ভৰ্তি হৈ আছে এই ব্যক্তিজন।

Centers for Disease Control and Prevention (CDC)ৰ তথ্য অনুসৰি এই ৰোগবিধ ১৯৭০ চনৰ পৰা আফ্ৰিকাৰ দেশসমূহত দেখা দি আহিছে। পৰৱৰ্তী সময়ত ২০০৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ  লোকসকলৰ মাজত ধৰা পৰিছিল এই ৰোগ।

সচৰাচৰ মানুহৰ মাজত দেখা দিয়া সৰুআইৰ সৈতে সাদৃশ্য আছে এই Monkeypoxৰ। মানুহৰ মাজত বিৰল এই ভাইৰাছৰ ফলত মানুহৰ জ্বৰ হোৱাৰ লগতে মুখমণ্ডল আৰু দেহত সৰু-সৰু ফোঁহাৰ সৃষ্টি হয়। এই ভাইৰাছবিধ এজন মানুহৰ পৰা আন এজন মানুহলৈ বিয়পে।

উল্লেখযোগ্য যে, এতিয়া পৰ্যন্ত নাইজেৰিয়াৰ পৰা উভতি অহা ছজন যাত্ৰীৰ দেহত ধৰা পৰিছে এই Monkeypoxৰ ভাইৰাছ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.