Covid-19ভাৰতৰাজনৈতিক

চিকিৎসা কৰ্মীৰে বাৰ্তালাপত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী

চিকিৎসা কৰ্মীৰে বাৰ্তালাপত উচুপি উঠিল প্ৰধানমন্ত্ৰী মোদী৷

শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজ গৃহ সংসদীয় সমষ্টি বাৰাণসীৰ একাংশ স্বাস্থ্য কৰ্মী আৰু চিকিৎসকৰ সৈতে মিলিত হৈছিল এটা ভিডিঅ’ কনফাৰেন্সত৷ বাৰ্তালাপ চলি থকাৰ মাজতে আৱেগিক হৈ পৰে প্ৰধানমন্ত্ৰী গৰাকী৷ কৰ’ণা সংহাৰত বহু আপোনজনক হেৰুৱাৰ দুখত ম্ৰিয়মাণ হৈ কান্দি উঠে মোদী৷

বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, “সম্প্ৰতি আমি প্ৰতিজন দেশবাসীয়ে ক’ভিড মহাব্যাধিৰ বিৰুদ্ধে যুঁজি আছো। এই সংকটকালত বিতত নহৈ এটা কথা ভবা উচিত যে য’তেই বেমাৰ তাতেই উপচাৰ৷ আনহাতে শেহতীয়াকৈ ভূতৰ ওপৰত দানহ পৰাৰ দৰে ব্লেক ফাংগাছ নামৰ ভয়াৱহ ৰোগবিধ নতুন ৰূপত অৱতীৰ্ণ হৈছে৷ সেয়েহে সকলোৱে সৰ্তকতা অৱলম্বন কৰা উচিত৷”

ব্লেক ফাংগাছ ৰোগক পৰবৰ্তী মহামাৰী হিচাপে অভিহিত কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button