অসমজীৱনশৈলীপৰিৱেশবতৰমনোৰঞ্জন

পৰ্যটকক হাত বাউল দি মাতিছে গ্ৰাছলেণ্ডে

সৌন্দৰ্য পিয়াশী মানুহক আকৰ্ষণ কৰি আহিছে এই মানৱ সৃষ্ট গ্ৰাছলেণ্ডে

পৰ্যটকক হাত বাউল দি মাতিছে গ্ৰাছলেণ্ডে।

ভূটান পাদদেশত অৱস্থিত ওদালগুৰি আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰনদীৰ পাৰত  চাৰিজন যুৱকে গঢ়ি তুলিছে এক মনোমহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ গ্ৰাছলেণ্ড। সৌন্দৰ্য পিয়াশী মানুহক আকৰ্ষণ কৰি আহিছে এই মানৱ সৃষ্ট গ্ৰাছলেণ্ডে। দূৰ দূৰণিৰ পৰা পৰ্যটকক হাত বাউল দি মাতিছে গ্ৰাছলেণ্ডখনে।

ওদালগুৰি জিলাৰ চাৰিগৰাকী সমাজ সচেতন প্ৰকৃতি প্ৰেমী মঞ্জিত ৰাভা, ধ্ৰুৱজ্যোতি ৰাভা, অংশুমান বড়ো আৰু কমল বাসুমতাৰী নামৰ চাৰিজন যুৱকে গ্ৰীণলেণ্ড বা  গ্ৰাছলেণ্ড বা সেউজ ভূমিত ৰেনবও ইক’ কেম্পে পৰ্যটন স্থলীত এসাজ তৃপ্তিৰে খোৱাৰ লগতে নিশা কটায় প্ৰাকৃতিৰ মিনোমহা দৃশ্য উপভোগ কৰাৰ ব্যৱস্থা কৰিছে।

গ্ৰাছলেণ্ডত থাকিবলে যোৱা লোকক ৰাতি থাকিবলৈ শ্লিপিং টেণ্ড, বৰষুণৰ বাবে ওৱাটৰ প্ৰুফ, পুৱা ব্ৰেক ফাষ্ট দিয়া হয় বুলি জনোৱাৰ লগতে অনাগত দিনত পৰ্যটকৰ বাবে আৰু অধিক সা সুবিধা কৰা হ’ব বুলি জনাইছে যুৱককেইজনে। লগতে ভূটানৰ পৰা বৈ অহা বৰনদীৰ বুকুত পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰাফটিঙৰ সুব্যৱস্থায়ো হাতত লোৱা হ’ব বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.