Covid-19বিশ্বভাৰতস্বাস্থ্য

দেশত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩ কোটি ৫৭ লাখ ৭ হাজাৰ ৭২৭জনলৈ বৃদ্ধি

বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত আক্ৰান্ত ১ লাখ ৭৯ হাজাৰ ৭২৩জন

পুনৰ আৰম্ভ হৈছে ক’ভিডৰ ত্ৰাস।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়ংকৰ ৰূপ লৈছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অমিক্ৰনে। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কোভিডত আক্ৰান্ত ১ লাখ ৭৯ হাজাৰ ৭২৩জন হৈছে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩ কোটি ৫৭ লাখ ৭ হাজাৰ ৭২৭জনলৈ। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,২৩,৬১৯জন হোৱাৰ বিপৰীতে কোৰোণাত বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৪৬জন লোকৰ। ফলত দেশত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ ৪,৮৩,৯৩৬জন।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ খবৰ অনুসৰি, বৰ্তমান দেশত কোৰোণাৰ সুস্থতাৰ হাৰ ৯৬.৬২ শতাংশ। মুঠ আক্ৰান্তৰ নিৰিখত কোৰোণাৰ সক্ৰিয়তাৰ হাৰ ২.০৩ শতাংশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.