Assamleatest updateRegional

চামগুৰিত গৰজি উঠিল‌ আৰক্ষীৰ আগ্নেয়াস্ত্ৰ

গো-সৰবৰাহৰ‌ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ‌ হৈছে , সিমানেই কৌশল‌ সলনি কৰি গো-মাফিয়াই নিবিঘ্নে চলাই গৈছে গো-ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা।

চামগুৰিত গৰজি উঠিল‌ আৰক্ষীৰ আগ্নেয়াস্ত্ৰ। গৰুচোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। খেদি খেদি আৰক্ষীয়ে পথাৰৰ মাজৰ পৰা আটক কৰিলে গো-সৰবৰাহকাৰীক। আৰক্ষীৰ অভিযানত উদ্ধাৰ ৩ টাকৈ গো-ধন। গো-সৰবৰাহৰ‌ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ‌ হৈছে , সিমানেই কৌশল‌ সলনি কৰি গো-মাফিয়াই নিবিঘ্নে চলাই গৈছে গো-ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা। এইবাৰ ঘটনাৰ‌ স্থান চামগুৰীৰ ভগামূৰ।

বৃহস্পতিবাৰে গৰু চুৰি লগত জড়িত ভগামুৰৰ ছাইদুল ইছলামৰ বাসগৃহত চুৰি গৰুৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। পিছে ,আৰক্ষী অহাৰ উমান পায় ছাইদুল ইছলামে পলায়নৰ চেষ্টা কৰিবলৈ লওঁতেই শূন্যলৈ গুলি চালনা কৰে আৰক্ষীয়ে। অৱশেষত আৰক্ষীয়ে পথাৰৰ মাজৰ পৰা খেদি খেদি কৰায়ত্ত কৰে ছাইদুল ইছলামক। সমান্তৰালকৈ ছাইদুলৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩ টাকৈ চোৰাং গৰু।বিভিন্ন প্ৰান্তত অভিযান চলাই আতক তিনিটাকৈ গো সৰবৰাহকাৰী। ইফালে ঘটনাস্থলিৰ পৰা আৰক্ষী অহাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে এখন বিলাসী বাহন। AS 12V 3728 নম্বৰৰ এখন বাহন গৰু চুৰিৰ লগত জড়িত থকাৰ সন্দেহ ৰাইজৰ।

এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰ-ছায়াত ৰাজ্যত এতিয়াও অব্যাহত আছে গো-ছিণ্ডিকেট! কোনে ক’ৰ পৰা নিয়ন্ত্ৰণ কৰিছে এই ছিণ্ডিকেট? কৌশল সলনি কৰি কোনে কাক মেনেজ‌ কৰি চলাইছে বেহা? আৰক্ষী যিমানেই কঠোৰ নহওক কিয় চামগুৰিৰ এই ঘটনাই পুনৰ বাৰ‌ প্ৰমাণ কৰিলে,ৰাজ্যত এতিয়াও সক্ৰিয় ৰূপত গো-সৰবৰাহৰ এক বৃহৎ চক্ৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button