অপৰাধঅসমজন্তুবন্যপ্ৰাণী

আঘাতপ্ৰাপ্ত বন্যহস্তীক জেচিবি লগাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ খেদি পঠিয়ালে বন বিভাগে

বন বিভাগৰ দ্বায়িত্ব জ্ঞানহীন কাণ্ড

বন বিভাগৰ দ্বায়িত্ব জ্ঞানহীন কাণ্ড।

বিজনীৰ কুকলুং ৰেঞ্জৰ ৰাঙিঝৰা অঞ্চলত মুক্ত বিচৰণ কৰা আঘাতপ্ৰাপ্ত বন্যহস্তীএটাক চিকিৎসাৰ কোনো ব্যৱস্থা নকৰিলে বন বিভাগে। বন্যহস্তীটোৰ চিকিৎসা কৰাৰ সলনি জেচিবি লগাই ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ খেদি পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বন বিভাগৰ এনে অবিবেচক কাণ্ডৰ বাবে হাতীটোক লৈ চিন্তিত হৈ পৰিছে এতিয়া গঞাঁ ৰাইজ।

অঞ্চলতোত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে কেবাজনো লোকৰ প্ৰাণ কাঢ়ি নিলে, বহুতৰে জীৱন পংগু কৰিলে, অঞ্চলটোত বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰিলে যদিও হৃদয়বান গঞা ৰাইজে আঘাতপ্ৰাপ্ত হাতীটোক খোৱা খাদ্য যোগান ধৰি কিছু সুস্থ কৰাৰ চেষ্টা কৰিলে।

আনফালে এইক্ষেত্ৰত বন বিভাগক হাতীটোৰ চিকিৎসা কৰাৰ বাবে বহুত আবেদন জনোৱা হ’ল যদিও বন বিভাগে গুৰুত্ব প্ৰদান নকৰি জেচিবি লগাই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত খেদিহে দিলে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.