Covid-19ভাৰত

ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে দেশবাসীলে আহিছে আকৌ সুখবৰ

ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে দেশবাসীলে আহিছে আকৌ সুখবৰ।

দেশত কৰ’নাৰ সংক্ৰমণৰ হাৰ দৈনিক নিম্নগামী হৈ আহিছে যাৰ ফলত যথেষ্ট সকাহ আহিছে দেশবাসীৰ মাজত। অৱশ্যে ক’ভিড পৰিস্থিতিৰ জটিলতা এতিয়াও আঁতৰা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে দাঙি ধৰা পৰিসংখ্যাই দেশত কৰ’নাৰ সংক্ৰমণ নিম্নমুখী হোৱাৰ লগতে আৰোগ্যৰ হাৰো বৃদ্ধি পোৱাৰ তথ্যই স্বাভাৱিকতে আশাৰ সঞ্চাৰ আনিছে।

বিগত ২৪ ঘন্টাত দেশত কৰ’না আক্ৰান্তৰ সংখ্যা আগতকৈ বহু তললৈ নামিছে। অৱশ্যে দৈনিক কৰ’নাত মৃত্যুৰ সংখ্যাই এতিয়াও সকাহ দিব পৰাকৈ হ্ৰাস পোৱা নাই।

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১,৭৩,৭৯০ জন লোক।

আনহাতে, যোৱা ২৪,৩,৬১৭ জন লোকৰ ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে। দেশত মুঠ কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,২২,৫১২ জন।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ২,৮৪,৬০১ জন ৰোগীয়ে।  দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ২২,২৮,৭২৪ জন।

উল্লেখ্য যে, চলিত বছৰতেই দেশত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.