অসমদুৰ্ঘটনা

যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড। এতিয়াও সম্পূৰ্ণৰূপে নুমুৱাব পৰা নাই জুই

এতিয়াও জুইৰ মাজত যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰী

যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীত বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে জুইৰ লেনিহান শিখাই ছানি ধৰে গোটেই অঞ্চলটো। প্ৰথমে এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অগ্নি সংযোগ হোৱাৰ পাছতে কাষতে থকা প্ৰায় চাৰি , পাঁচ খন প্ৰতিষ্ঠানত অগ্নি সংযোগ হয়। প্ৰায় ১০খনকৈ দোকান জ্বলি ভষ্মীভূত এই ভয়ংকৰ অগ্নিকাণ্ডত। ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পিছফালে থকা এটা ৩ মহলীয়া ঘৰো সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। ভাৰত কেম্পাছ নামৰ এখন বিপণীত সংঘটিত এই অগ্নিকাণ্ড। প্লাষ্টিকৰ সামগ্ৰী থকা দোকানত সৃষ্টি হয় জুইৰ সূত্ৰপাত।

 

 

কেইবা ঘণ্টাজোৰা চলা শ্বাহ ৰুদ্ধকাৰ এই বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল কেইবা কোটি টকাৰ সা-সম্পত্তি। বিস্ফোৰিত হয় ইটোৰ পিছত সিটোকৈ চিলিণ্ডাৰ। ৩২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা কৰি আছে যদিও এতিয়াও সম্পূৰ্ণৰূপে নুমুৱাব পৰা নাই জুই। অগ্নিনিৰ্বাপক বাহিনীক সহায় কৰে বায়ুসেনাবাহিনীয়েও। নিশা প্ৰায় ১০ বাজি যোৱাৰ পাছত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ সূত্ৰপাত এতিয়াও জানিব পৰা হোৱা নাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.