দুটি সন্তানৰ মাতৃ, স্নাতকোত্তৰ ডিগ্ৰীধাৰী সাৰী বেল’চে কিয় ল’লে আত্মঘাতী বোমাৰুৰ পথ?
আনকি M Phil কৰি থকা মহিলাগৰাকীয়ে বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপেও কৰ্মৰত আছিল বুলি স্পষ্ট কৰিছে ঘটনাৰ আঁৰত থকা আফগান মিলিটাৰী সংস্থা বেলুচিস্তান লিবাৰেচন আৰ্মী, চমুকৈ BLAই।
মঙলবাৰে এক ভয়ংকৰ বিস্ফোৰণে কঁপালে পাকিস্তানৰ কৰাচী। কৰাচী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীক কঢ়িয়াই অনা এখন বাহনৰ ওপৰত আক্ৰমণ কৰে আত্মঘাতী বোমাৰুৱে। বোমা বিস্ফোৰণৰ ফলত মৃত্যুক সাবটি লয় বোমাৰুসহ তিনিগৰাকী চীনা লোকৰ লগতে এজন স্থানীয় চালকে।
বিশ্বজুৰি খলকনি তুলিছে এই আত্মঘাতী বোমাৰুৰ ঘটনাই। পিছে এই বিস্ফোৰণৰ আঁৰত থকা মহিলাগৰাকী আচলতে কোন আপুনি জানেনে? ৩০ বছৰীয়া আত্মঘাতী বোমাৰু সাৰী বেল’চৰ ঘৰ হৈছে পাকিস্তানৰ তুৰবাতত। প্ৰাণীবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী সাৰী বেল’চে বিবাহপাশত আবদ্ধ হৈছিল এজন চিকিৎসকৰ সৈতে। দুই সন্তানৰ মাতৃ আছিল সাৰী বেল’চ।

আনকি M Phil কৰি থকা মহিলাগৰাকীয়ে বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপেও কৰ্মৰত আছিল বুলি স্পষ্ট কৰিছে ঘটনাৰ আঁৰত থকা আফগান মিলিটাৰী সংস্থা বেলুচিস্তান লিবাৰেচন আৰ্মী, চমুকৈ BLAই।

অতি মেধাসম্পন্ন সাৰী বেল’চে দুবছৰ পূৰ্বেই BLAৰ মজিদ ব্ৰিগেডৰ (বিশেষ আত্মত্যাগ দল) স্পেচিয়েল চেক্ৰিফাইচ স্কোৱাডত যোগদান কৰিছিল। যদিও তেওঁৰ দুই কণমানি সন্তান থকাৰ বাবে BLAই সাৰী বেল’চক সংগঠনৰ পৰা বিৰতি লোৱাৰ বিকল্প প্ৰদান কৰিছিল, তথাপি অমান্তি হৈছিল তেওঁ। আৰু অৱশেষত দীৰ্ঘদিনৰ পৰিকল্পনাৰ অন্ত পেলাই মঙলবাৰে, সাৰী বেল’চেই নিজকে বিস্ফোৰিত কৰি হত্যা কৰে কৰাচী বিশ্ববিদ্যালয়ত কৰ্মৰত তিনিগৰাকী চীনা প্ৰবক্তাক। ইতিমধ্যে, CCTVত বন্দী হৈছে সেই বিস্ফোৰণৰ শিহৰণকাৰী দৃশ্য।
New CCTV footage #karachiuniversity
3 Chinese nationals, including two women, were among four people killed. Baloch Liberation Army's Majeed Brigade has accepted responsibility for the attack pic.twitter.com/8j9pJc5Uay— Mughees Ali (@mugheesali81) April 26, 2022
উল্লেখ্য যে, BLAৰ মজিদ ব্ৰিগেডে বেলুচিস্তান আৰু পাকিস্তানত থকা চীনা লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। মঙলবাৰৰ বিস্ফোৰণৰ ঘটনাই অনাগত দিনত পাকিস্তানত যে চীনা লোকসকল সুৰক্ষিত নহয়, তাকেই প্ৰমাণ কৰি দিলে।

