অসমআঞ্চলিকখাদ্যজীৱনশৈলীস্বাস্থ্য

ককা আৰু নাতিনীৰ হৃদয়বিদাৰক কাহিনী…

পিতৃ মাতৃৰ অকাল বিয়োগত সৰ্বহাৰা হোৱা দুটি ভাতৃ ভগ্নী একমাত্ৰ আশ্ৰয়স্থল আছিল দৰিদ্ৰ ককাকৰ ঘৰ৷ এসাঁজ খাই আন এসাঁজৰ বাবে হাহাকাৰ কৰা ককাকে বহন কৰিছে দুই নাতিনীৰ সমষ্ট খৰছ৷ কিন্তু এমুঠি অন্নৰো অভাৱত এতিয়া অনাহাৰে দিন কটাইছে পৰিয়ালটোৱে

হৃদয় বিদাৰক! এক ককা আৰু নাতিনীৰ কাহিনী৷

পিতৃ মাতৃৰ অকাল বিয়োগত সৰ্বহাৰা হোৱা দুটি ভাতৃ ভগ্নী একমাত্ৰ আশ্ৰয়স্থল আছিল দৰিদ্ৰ ককাকৰ ঘৰ৷ এসাঁজ খাই আন এসাঁজৰ বাবে হাহাকাৰ কৰা ককাকে বহন কৰিছে দুই নাতিনীৰ সমষ্ট খৰছ৷ কিন্তু এমুঠি অন্নৰো অভাৱত এতিয়া অনাহাৰে দিন কটাইছে পৰিয়ালটোৱে।

এই ঘটনা বকোৰ জালুকবাৰী কৈৱৰ্ত্তপাৰা গাঁৱৰ। ২০১৬ চনত মাতৃৰ বিয়োগৰ পিছত ২০১৯ চনত পিতৃৰ বিয়োগ হোৱাত অনাথ হৈ পৰে তেওঁলোকৰ সন্তান। পিতৃ ফালৰ পৰা অৱঞ্জান কৰা কনমানি দুটিৰ এক মাত্ৰ আশ্ৰয় স্থল হৈ পৰে ককা বিনাৰাম কৈৱৰ্ত্ত। অতি দৰিদ্ৰ ককা বিনাৰাম কৈৱৰ্ত্তই ভৰন – পোষনৰ লগতে বহন কৰিবলগীয়া হৈছে সম্পূৰ্ণ দায়িত্ব ৷ এমুটি অন্নৰ অভাৱত মাজে মাজে অনাহাৰে কটাবলগীয়া হয় দিন- ৰাতি৷ নাতী ছোৱালী নবনিতা কৈৱৰ্ত্ত(১৫) বৰ্তমানে দশম শ্ৰেণীৰ ছাত্ৰী ইপিনে হিমাংশু কৈৱৰ্ত্ত হৈছে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।

বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকে পৰিয়ালটিৰ কৰুণ পৰিস্থিতি দেখি নগদ ধনৰ ওপৰি নৱনীতা আৰ হিমাংশুৰ টিউশ্যন ফিচৰ দায়িত্ব লয়।

চৰকাৰ তথা হৃদয়বান ব্যক্তিলৈ শিশু দুটিৰ কাতৰ আহ্বান, @আমাক পঢ়িবলৈ থাকিবলৈ সুবিধা কৰি দিয়ক৷”
আপুনি যদি সহায় কৰিব বিচাৰে তেন্তে,

Allahabad bank
Account Holder:Bina Ram Kabrrtya
Account no:22178005898
IFSC code:101BOOOG517 যোগে সহায়ৰ কৰিব পাৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button