খেলবিশ্ব
Trending

এটা বেজী আৰু হেট্ৰিকৰ অভিলেখৰ মেছী…

বয়সৰ জোখাৰে ৩৮ বছৰ ৩৫৭ দিনতো অপ্ৰতিৰোধ্য লিঅ’নেল মেছি

লিঅ’নেল মেছি ফুটবলাৰেই নহ’লহেতেন… যদিহে এটা বেজী তেওঁক দিবলৈ নোৱাৰিলেহেতেন। এটা বেজী, যিটো বেজীৰ বাবে আজি আমি মেছিক আমাৰ কাষত পাইছোঁ। এই কাহিনী এনে এজন মানুহৰ, যিয়ে প্ৰকৃতিক হৰুৱালে। যিয়ে প্ৰকৃতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি নিজকে এঢাপ-এঢাপকৈ  আগুৱাই লৈ গ’ল। কিমান শক্তিশালী হ’ব সেই যুজঁ…যিখন যুজঁ প্ৰকৃতিৰ বিৰুদ্ধে। শাৰিৰীক সমস্যাৰ বিৰুদ্ধে। মেচি এজন ঈশ্বৰপ্ৰদত্ত খেলুৱৈ যাক কোৱা হয় God Gifted… সেয়া আমি সকলোৱে জানো। কিন্তু এটা সমস্যা আৰম্ভ হৈছিল শৈশৱতে…

বয়সৰ জোখাৰে ৩৮ বছৰ ৩৫৭ দিনতো  অপ্ৰতিৰোধ্য লিঅ’নেল মেছি। কেৰিয়াৰৰ অন্তিম বিশ্বকাপৰ প্ৰথম মেচতেই ইতিহাস ৰচি লিঅ’নেল মেছিৰ হেট্ৰিক। এটা নহয় দুটা নহয় ৫ টাকৈ অভিলেখ গঢ়িলে মেছিয়ে। বিশ্বকাপত ১৬টা গ’লৰ অভিলেখ মেছিৰ শিৰত। বিৰোধী দল আলজেৰিয়াৰ লগত হোৱা খেলখনত ৩-০ গ’লৰ ব্যৱধানত বৃহত জয় মেছি নেতৃত্বাধীন আৰ্জেন্টিনাৰ। এই ৩টা গলৰ লগে লগে বিশ্বকাপৰ সৰ্বাধিক গ’লদাতাত পৰিণত হ’ল THE GOAT MESSI। উল্লেখ্য যে, মেছিৰ বৰ্ণিল ফুটবল কেৰিয়াৰৰ এয়া ষষ্ঠ তথা অন্তিমখন বিশ্বকাপ। সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল মেছিৰ ওপৰত। অনুৰাগীৰ এই মৰমৰ উপহাৰ স্বৰূপে দিলে দুৰন্ত হেট্ৰিক। কানচাচ চিটিৰ ‘গেহা’ ফিল্ডত ভাৰতীয় সময় অনুসৰি পুৱা ৬.৩০ বজাত আৰ্জেন্টিনাই প্ৰথমখন খেলতেই দেখুৱাই দিছিল লক্ষ্যস্পৰ্শৰ এজাক ধুমুহা হৈ এইবাৰ তেঁওলোক আহিছে। মেছিৰ আজিৰ হেট্ৰিকে ভংগ কৰিলে বিশ্বকাপৰ সৰ্বাধিক গ’লদাতাৰ অভিলেখ। খেলৰ ৭৬ মিনিটত মেছিয়ে আজি তেঁওৰ অনুৰাগীক আকৌ এবাৰ দেখুৱাই দিলে SIGNATURE STYLE। D BOXৰ পৰা মাটিত লাগি যোৱা এটা কাৰ্ভিং শ্বট। আজিৰ হেট্ৰিকেৰে মেছিয়ে জাৰ্মানিৰ মিৰ’স্লাভ ক্লছৰ অভিলেখ স্পৰ্শ কৰিলে। আজিৰ খেলখনেৰেই ক্ৰিষ্টিয়ানো ৰণাল্ডোৰ অভিলেখ ভঙ্গ কৰি মেছি এতিয়া বিশ্বকাপৰ ইতিহাসত হেট্ৰিক কৰা বয়স্ক খেলুৱৈ। কেৰিয়াৰৰ দুশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈ মেছিয়ে দেখুৱাই দিলে ফুটবল শিল্পৰ তেঁৱেই আটাইতকৈ নিখুঁত শিল্পী। এই জয় আৰু মেছিৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শনৰ পিছত ২২ জুনত অষ্ট্ৰীয়াৰ বিৰুদ্ধে আৰু ২৮ জুনত জৰ্ডানৰ বিৰুদ্ধে পৰৱৰ্তী ২খন মেচ খেলিব আৰ্জেন্টিনাই।

বগা-নীলা জাৰ্চি। বগা-নীলা পতাকা। এয়া আৰ্জেন্টিনাৰ কাহিনী। লাটিন আমেৰিকাৰ দেশ আৰ্জেন্টিনা। আৰ্জেন্টিনাৰ বহু ইতিহাস। আৰ্জেন্টিনাই জন্ম দিছে চে গুয়েভাৰাক। জন্ম দিছে মাৰাড’নাক। জন্ম দিছে সংগ্ৰাম ভৰা এক ইতিহাসক। সেই আৰ্জেন্টিনাৰেই ৰ’জাৰিঅ’ চহৰত এটি শিশুৰ জন্ম হৈছিল ১৯৮৭ চনত। শিশুটিয়ে ফুটবল খেলিছিল। ফুটবল খেলা দেশৰ সেই শিশুটিৰ সৈতে বহু শিশুই খেলিছিল। কিন্তু এই শিশু কিছু ব্যতিক্ৰম। খেল নহয় যেন এক ছন্দৰ লয়লাস গতি। কিন্তু শৈশৱৰ মেছি অৱশ্যে আন দহজন শিশুৰ দৰে নাছিল । মেছি বাঢ়ি অহা নাছিল উঠন বয়সৰ অন্য ল’ৰা-ছোৱালী যেনেকৈ বাঢ়ি আহিছিল।

মেছিৰ উচ্চতা, শক্তি বঢ়া নাছিল কিন্তু ফুটবল খেলিছিল। মেছিৰ Growth Hormone Deficiency আছিল  । যাৰ অৰ্থ প্ৰতি মাহত এহাজাৰ ডলাৰৰ কেৱল বেজীৰেই প্ৰয়োজন হৈছিল ।

আৰ্জেন্টিনাৰ কোনো ক্লাব সাজু নাছিল যে এজন খেলুৱৈক এটা মাথোঁ বেজীৰ বাবে ১ হাজাৰ ডলাৰ দিবলৈ। পৰিয়াল চিন্তাত পৰিল। এটা সিদ্ধান্ত লোৱা হ’ল… পৰিয়াল আৰু মেছিৰ এজেন্টে সিদ্ধান্ত ল’লে আৰ্জেন্টিনাত এনেকৈ থাকিলে একো নহ’ব। গতিকে মেছিক আৰ্জেন্টিনাৰ পৰা স্পেইনলৈ লৈ যোৱা হ’ল ।

মেছিৰ বয়স তেতিয়া ১৩ বছৰ। বাৰচিলোনাৰ টেকনিকেল ডিৰেক্টৰ কাৰ্লেছ ৰেক্সাকক মেছিৰ ফুটবল দেখুৱাবলৈ লৈ গ’ল। আৰু মেছিৰ খেলৰ সেই ভিডিও ক্লিপ দেখি কাৰলেচ হতবাক হৈ পৰিল। এয়া এটি শিশুৰ খেল… এই কৌশল শিশুটিয়ে কেনেকৈ নিজৰ দখললৈ আনিলে। কিন্তু পৰিয়াল আৰু মেছিৰ এজেন্টৰ সৈতে কথা পাতি মানুহৰ মাজত অলপ চিন্তাত পৰিল কাৰলেচ। কিয়নো কাৰলেচৰ বাবেও এয়া সহজ নাছিল।

সহজ নাছিল এজন অজানা কিশোৰ খেলুৱৈৰ বাবে ১ হাজাৰ ডলাৰ যোগাৰ কৰা । কাৰণ বাৰছিলোনাৰ এটা ক্লাৱক মেছিৰ বাবে ইনভেষ্ট কৰিবলৈ খেল যথেষ্ট আছিল, কিন্তু প্ৰতি মাহত এহাজাৰ ডলাৰৰ বেজীৰ বাবে ইনভেষ্ট…! আৰু ভাৱক কি হ’ল…  অৱশেষত BARCELONA FCৰ  সৈতে মেছিৰ চুক্তি হ’ল ।

সেই যে চুক্তি, সেই যে আস্থা, সেই যে বিশ্বাস… এই সকলোবোৰে বিশ্বক এজন ফুটবলৰ শিল্পী দিলে। যাৰ নাম লিঅ’নেল মেছি ।

তেওঁৰ  উচ্চতা নহ’ব পাৰে ৬ ফুট ৬ ইঞ্চিৰ। যাৰ বাহুৰ পেশী নহ’ব পাৰে দেখনীয়াৰ। কিন্তু এই মানুহজন যেতিয়া খেলপথাৰত নামে, তেওঁৰ ভৰিৰ ইংগিতত নাচে ফুটবল। সেই শৈশৱতে যাৰ কোমল দুভৰিয়ে খেলপথাৰত এনে একুৰা জুই জ্বলালে, সেই জুইকুৰা আজি অনিৰ্বাণ। এহাজাৰতকৈ অধিক খেল, ৮০০তকৈ বেছি গ’ল। ৮ বেলেন ডিঅ’ৰ… আৰু ফুটবল জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তি ফিফা ৱৰ্ল্ডকাপ ট্ৰফী।

১৯ বছৰীয়া মেচি… এখন খেল। হাফলাইনত বল…আৰু ১০ ছেকেণ্ড অকলে Sprint কৰি আগুৱাই লৈ যায় বল। ৬ জনকৈ প্ৰতিপক্ষৰ খেলুৱৈয়ে ঘেৰি থকা মেছি আগুৱাই আহে আৰু তাৰ পিছত…গ’ল। এয়া কি… এয়া মেজিক। সঁচাকৈয়ে যাদুকৰী বিস্ময়কৰ গ’ল। প্ৰকৃতিক হৰুৱাই থোৱা মানুহজনক আৰু কোনে পাৰিব বাৰু হৰুৱাব ?

 

টিস্যু পেপাৰত লিপিবদ্ধ ইতিহাস!

এখন ন্যাপকিনে কেনেকৈ সলনি কৰিলে লিঅ’নেল মেছিৰ জীৱন । ফুটবলৰ ইতিহাসত বহু চুক্তি স্বাক্ষৰিত হৈছে কোটি কোটি টকাৰ কাগজত। কিন্তু বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা লিঅ’নেল মেছিৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তিখন লিখা হৈছিল এখন সাধাৰণ টিস্যু পেপাৰত।

২০০০ চনৰ কথা। মাত্ৰ ১৩ বছৰীয়া মেছি তেতিয়া বৃদ্ধিজনিত হৰম’নৰ সমস্যাৰে ভুগি আছিল। আৰ্জেণ্টিনাৰ ক্লাবসমূহে তেওঁৰ চিকিৎসাৰ ব্যয় বহন কৰিবলৈ আগ্ৰহ দেখুওৱা নাছিল। ঠিক সেই সময়তে স্পেইনৰ বাৰ্সেলোনাত পৰীক্ষামূলকভাৱে খেল দেখুৱাবলৈ সুযোগ পায় মেছিয়ে।

মেছিৰ অসাধাৰণ প্ৰতিভা দেখি মুগ্ধ হৈছিল বাৰ্সেলোনাৰ ক্ৰীড়া পৰিচালক কাৰ্লেছ ৰেক্সাক। কিন্তু ক্লাবৰ ভিতৰত সিদ্ধান্ত গ্ৰহণত বিলম্ব হোৱাত ৰেক্সাকে আশংকা কৰিছিল যে আন কোনো ক্লাবে মেছিক লৈ যাব পাৰে।

সেয়েহে আৰু এটা ছেকেণ্ডৰ বাবেও অপেক্ষা নকৰি এখন ৰেষ্টুৰেণ্টত বহি তেওঁ হাতত পোৱা এখন  টিস্যু পেপাৰতেই লিখি দিলে এক অনানুষ্ঠানিক চুক্তি। সেই টিস্যু পেপাৰতে উল্লেখ কৰা হৈছিল যে বাৰ্সেলোনাই মেছিক দলে অন্তৰ্ভুক্ত কৰিবলৈ সন্মত। বিশ্লেষকসকলৰ মতে, সেই মুহূৰ্তটো কেৱল এটা খেলুৱৈৰ সৈতে চুক্তি নহয়, বৰং বিশ্ব ফুটবলৰ গতিপথ সলনি কৰা এটা ঐতিহাসিক সিদ্ধান্ত আছিল। যদি সেইদিনা ৰেক্সাকে সাহসী পদক্ষেপ নল’লেহেঁতেন, তেন্তে হয়তো মেছিৰ কেৰিয়াৰ সম্পূৰ্ণ বেলেগ দিশলৈ গ’লহেঁতেন। এখন সাধাৰণ টিস্যু পেপাৰ আজিও ফুটবল জগতত দূৰদৰ্শিতা আৰু প্ৰতিভাৰ ওপৰত আস্থাৰ প্ৰতীক হিচাপে স্মৰণ কৰা হয়। কাৰণ সেই টিস্যু পেপাৰেই জন্ম দিছিল এজন ভৱিষ্যৎ বিশ্বকাপজয়ী কিংবদন্তিৰ BARCELONA  অধ্যায় ।

কেতিয়াবা Autistic, কেতিয়াবা বোবা । মেছিক সকলোৱে বোবা বুলি ভাবিছিল ।

লা মাচিয়াৰ নিঃসঙ্গ কিশোৰৰ পৰা বিশ্বকাপজয়ী কিংবদন্তি । মাকৰ পৰা আঁতৰি, চকুলোৰে গঢ়া মেছিৰ সফলতাৰ কাহিনী । সফলতাৰ  শিখৰত উঠাৰ আগতে তেওঁ পাৰ কৰিছিল গভীৰ নিঃসঙ্গতা, মানসিক যন্ত্ৰণা আৰু একাকীত্বৰ দিন।

স্পেইনত আৰম্ভ হৈছিল কিশোৰ মেছিৰ নতুন অধ্যায়।  নতুন দেশ, নতুন ভাষা আৰু সম্পূৰ্ণ অচিনাকি পৰিৱেশত আৰম্ভ হৈছিল তেওঁৰ জীৱনৰ এক নতুন সংগ্ৰাম।

কেৱল সফলতাৰ নহয়, বৰং নিঃসঙ্গতাৰ কাহিনীৰে ভৰি আছিল মেছিৰ কৈশোৰ জীৱন।  মাতৃ আৰু পৰিয়ালৰ  পৰা আঁতৰি থাকিবলগীয়া হোৱাত কিশোৰ মেছি গভীৰ হতাশাত ভুগিছিল। বহু সময় তেওঁ নীৰৱে কটাইছিল, ঘৰলৈ উভতি যোৱাৰ কথাও ভাবিছিল।

লা মাচিয়া একাডেমীত তেওঁৰ এই নীৰৱ স্বভাৱেই আন খেলুৱৈসকলক বিভ্ৰান্ত কৰিছিল। মেছি ইমানেই লাজুক আছিল আৰু  কথা কমকৈ কৈছিল যে বহু সতীৰ্থই প্ৰথমতে তেওঁক “বোবা” বা কথা ক’ব নোৱাৰা বুলিও ভাবিছিল।

কিন্তু যিজন ল’ৰাক সকলোয়ে নীৰৱ বুলি ভাবিছিল, সেই ল’ৰাই বল ভৰিত লোৱাৰ লগে লগে যেন এক নতুন ভাষাত কথা কৈছিল। মেছিৰ  ড্ৰিবলিং, গতি আৰু অসাধাৰণ দক্ষতাই মানুহৰ মন জয় কৰিছিল। লা মাচিয়াৰ সেই নিঃসঙ্গ কিশোৰজনেই পিছলৈ হৈ পৰিল বিশ্ব ফুটবলৰ আটাইতকৈ উজ্জ্বলতম নাম।

নিৰ্বাক কিশোৰৰ পৰা The GOATলৈ…

লিয়’নেল মেছি আৰু Jersey Number-10

কেৱল আৰ্জেন্টিনা… ওহো নহয়…। এয়া এজন চুটি-চাপৰ দেখিবলৈ তেনেই সাধাৰণ যেন লগা মানুহৰ কাহিনী। যিজন মানুহৰ ভৰিৰ সঞ্চালনত সঞ্চালিত হয় বিশ্বৰ অৰ্ধেক ফুটবলপ্ৰেমীৰ ধমনী। এই সাধাৰণ যেন লগা মানুহজনৰ দৌৰে প্ৰতি অনুৰাগীৰ হৃদস্পন্দন বাঢ়ি যায়। তেওঁ লিয়’নেল মেছি। চকুৱে-মুখে বিয়পি থাকে স্থিৰ লক্ষ্যৰ দৃঢ়তা। নাই, প্ৰতিপক্ষই ধৰিব নোৱাৰে… এই পলকতে কেনেকৈ  মেছিয়ে কাঢ়ি নিয়ে  বল।

 

লিয়’নেল মেছিৰ কাহিনী শৌৰ্যশালী

মেছিৰ এইবাৰৰ যাত্ৰা কোনো লক্ষ্য স্পৰ্শ নহয়,বৰং পৰীৰ দেশৰ সাধুকথাৰ দৰে ঔজ্জল্যভৰা কেৰিয়াৰৰ সামৰণি মৰা। ৰ’জাৰিঅ’ চহৰৰ ঠেক গলিৰ পৰা বিশ্ব ফুটবলৰ এভাৰেষ্টলৈ, মেছিৰ ফুটবল-জীৱন আক্ষৰিক অৰ্থতে এক ‘ফেৰীটেল’, যি তেওঁৰ ফুটবল-বীৰত্বৰ যশ আৰু খ্যাতি কেৰিয়াৰৰ এটা এটাকৈ ভাঁজত মুকলি কৰি গৈছে।

২০২২ত কাটাৰত মেছিৰ সফলতাই চূড়া চুমিছিল ।  সোনোৱালী জলমল বিশ্বকাপটো শিৰৰ ওপৰলৈ দাঙি ধৰিছিল মেছিয়ে ।

অথবা ক’ব পাৰি যে তেওঁৰ অপূৰ্ণ স্বপ্ন সেইদিনা পূৰণ হৈছিল, যেতিয়া মেছিয়ে নিজৰ সুকোমল গাৰুত বিশ্বকাপটো থৈ গভীৰ প্ৰশান্তিত নিদ্ৰামগ্ন হৈছিল। আজি মেছিৰ হাতত  বিশ্বকাপৰ সৰ্বাধিক মেচত ‘এপিয়েৰেন্স’ৰ ইতিহাস ।

মেছিয়ে দখল কৰিছে  যিকোনো ফুটবলাৰৰ সৰ্বোচ্চ প্ৰাপ্তি ৮টা বেলন ডি’অৰ ।

লিয়’নেল মেছি বিশ্ব চেম্পিয়ন । এইবাৰ বিশ্বকাপত ষষ্ঠবাৰৰ বাবে দুভৰিৰ যাদু দেখুৱাব মেচিয়ে।  আজি মেছি সেইজন জীৱন্ত কিম্বদন্তী, যাৰ পৰিধি ফুটবল পাৰহৈ আদিগন্ত বিস্তৃত। যদিহে ২০২৬ ৰ বিশ্বকাপ ফুটবল মেছিৰ বাবে শেষতম বিশ্বকাপ ফুটবলৰ অধ্যায় হয়, তেন্তে এয়া হ’ব বিশ্ব ক্ৰীড়াংগনৰ আটাইতকৈ চমৎকাৰ  বিদায়পৰ্ব/’ফেয়াৰৱেল’। যদি তেওঁ হাতত কাপটো লৈ ‘লা এলবিচেলেষ্টি’ৰ সৈতে বুয়েনছ আয়াৰ্ছলৈ উভতি যায়, তেন্তে দেশবাসীয়ে ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ সিংহাসনত ৰাজ্যভিষেক ঘটাব মেছিৰ। মাৰাডোনাৰ সমালোচনাৰে ধৰাসায়ী হৈ থকা মেছিৰ বাবে এয়া হ’ব বিশ্বজয়েৰে দিয়া প্ৰত্যুত্তৰ।

 

২৪ জুন, ১৯৮৭…

৩৯ বছৰীয়া মেছি

ফুটবলৰ খেলপথাৰৰ বাবে এয়া বহু বয়স। কিন্তু বয়সে কাবু কৰিব পৰা নাই মেছিক। এতিয়াও যেতিয়া ফুটবলৰ ফিল্ডত মেছি নামে। চৌদিশে গুঞ্জন উঠে। মেছি…মেছি…। আৰ্জেন্টিনাৰ বাবে ৰাজপুত্ৰ মেছি। বাৰচিলোনাৰ গৌৰৱময় অধ্যায়ৰ নাম মেছি। আৰু সেই মেছিয়ে এটাক কৰাৰ আগমুহূৰ্তত যেতিয়া এবাৰ ইফালে চায়, এবাৰ সিফালে চায়… তেতিয়াই যেন গ’লৰ অংকটো সম্পূৰ্ণ কৰি উঠে মেছিয়ে।  ২০২২ চন, কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ ট্ৰফীটো লৈ মেচি তেতিয়া সুখনিদ্ৰাত।  তাৰ মাজতে বিশ্বজুৰি চর্চাত এখন ফটো । বিচনাত শুই থকা মেছিৰ এহাতে বিশ্বকাপৰ ট্ৰফী। আনহাতে এটা সৰু কাপসদৃশ ধাতুৰ পাত্ৰ, আছে এডাল স্ত্ৰ’।

বিশ্ব ফুটবলৰ মহানায়ক লিঅ’নেল মেছিৰ হাতত সঘনাই দেখা যোৱা কি এয়া…  এই পাত্ৰত থাকে এবিধ বিশেষ পানীয়।

নাম- ইয়েৰবা মাতে (Yerba Mate) ।  লাটিন আমেৰিকাৰ এক পৰম্পৰাগত ঔষধী পানীয় ।

ইয়েৰবা মাতে মূলতঃ ‘আইলেক্স পেৰাগুৱাৰিয়েনচিছ’ (Ilex paraguariensis) নামৰ গছৰ শুকান পাতৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ সোৱাদ কিছু মাটিৰ দৰে আৰু তিতা।  কিন্তু ইয়াত থকা কেফেইনে শৰীৰক সজীৱ কৰি তোলে। দক্ষিণ আমেৰিকাৰ আর্জেণ্টিনা, উৰুগুৱে, পেৰাগুৱে আৰু ব্ৰাজিলত এই পানীয় দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ।

ইউৰোপীয় উপনিৱেশ স্থাপনৰ বহু আগতেই দক্ষিণ আমেৰিকাৰ গুৱাৰানি আৰু টুপি আদিবাসী সম্প্ৰদায়ে ইয়েৰবা মাতে ব্যৱহাৰ কৰিছিল।  এই সময়ছোৱাত  মেছিৰ বিশ্বজনপ্ৰিয়তাৰ ফলত ইয়েৰবা মাতে দক্ষিণ আমেৰিকাৰ সীমা অতিক্ৰম কৰি বিশ্ববজাৰত নিজৰ স্থান গঢ়ি তুলিছে। ভাৰততো এতিয়া ইয়াৰ পেকেট সহজলভ্য হ’বলৈ আৰম্ভ কৰিছে। ক’বলৈ গ’লে, মেছিৰ হাতত ধৰা এই সৰু পাত্ৰটো কেৱল এটা পানীয় নহয়; ই সমগ্ৰ লাটিন আমেৰিকাৰ সংস্কৃতি, ঐতিহ্য আৰু স্বাস্থ্যসচেতন জীৱনধাৰাৰ এক প্ৰতীক।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.